হাতে লোটে পৰিল ধৰা, ছচিয়েল মিডিয়াত প্ৰেম কৰা প্ৰেমিকাক লগ কৰিবলৈ গৈ দেখে নিজৰেই পত্নী
বিয়াৰ পিছতো নিজকে অবিবাহিত বুলি দাবী কৰি ছোৱালীক প্ৰেমৰ ফান্দত পেলোৱা এজন ব্যক্তিৰ চৰিত্ৰ পত্নীয়ে হাতে লোটে ধৰা পেলায়। ছ’চিয়েল মিডিয়াত ভুৱা একাউণৰ জৰিয়তে পত্নীয়ে স্বামীৰ লগত বন্ধুত্ব কৰি ৰেষ্টুৰেণ্টত লগ কৰিবলৈ মাতি ধৰা পেলায় স্বামীৰ চৰিত্ৰ।
এই ঘটনা মধ্য প্ৰদেশৰ গোৱালিয়ৰ চহৰৰ। মাধোগঞ্জ থানা অঞ্চলত বাস কৰা ২৩ বছৰীয়া যুৱতীয়ে ২০২৩ চনত ব্যক্তিগত কোম্পানী এটাৰ কাম কৰা যুৱকৰ সৈতে বিয়াত বহে।
কিন্তু বিয়াৰ পিছত স্বামী প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা মোবাইল ফোনত ব্যস্ত হৈ থাকে আৰু ঘৰৰ পৰা ওলাই গৈ ফোনত কথা পাতি থাকে। যাৰ বাবে স্বামীৰ ওপৰত পত্নীৰ সন্দেহ উপজে। সোধা-পোছা কৰাত স্বামীয়ে কয় কোম্পানীৰ ফোন।
ইয়াৰ বাহিৰেও স্বামীয়ে মোবাইলটো লক কৰি ৰাখি, গভীৰ নিশালৈকে ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত আড্ডা মাৰি, বেছিভাগ সময় ঘৰৰ বাহিৰত থকাটোৱে নৱবিবাহিত মহিলাগৰাকীক এই বিষয়ে অধিক চিন্তাত পেলায়।
পত্নীৰ সন্দেহ হোৱাত ভনীয়েকৰ আইডি ব্যৱহাৰ কৰি চিম কাৰ্ড কিনি ভুৱা নামেৰে ইনষ্টাগ্ৰাম একাউণ্ট খুলি সুন্দৰী যুৱতীৰ ফটো লগায়, পাছত সেই ভুৱা একাউণ্টৰ পৰাই স্বামীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায়। সুন্দৰী যুৱতী দেখি স্বামীয়েও লগে লগে সেই বন্ধুত্ব স্বীকাৰ কৰে।
তাৰ পাছত নজনাকৈয়ে অন্য সুন্দৰী যুৱতী বুলি পত্নীৰ সৈতে প্ৰেম কৰে স্বামীয়ে। ২ মাহৰ পাছত এদিন ৰেষ্টুৰেণ্টত লগ কৰিবলৈ মাতে প্ৰেমিকা ৰূপী পত্নীয়ে। স্বামীয়েও ঘৰত পত্নীৰ আগত মিটিং থকা বুলি ওলাই যায় ৰেষ্টুৰেণ্টলৈ বুলি। কিন্তু ৰেষ্টুৰেণ্টত গৈ দেখে নিজৰেই পত্নী।
পাছতো সৈ নাকাঢ়াত পত্নী কাষ চাপে আৰক্ষীৰ। আৰক্ষীয়ে বহু সোধপোচ কৰি কথা বতৰা পাতি , লগতে কাউন্সেলিং কৰাত অৱশেষত স্বামীয়ে সৈ কাঢ়ে নিজৰ চৰিত্ৰৰ কথা। আৰক্ষীয়ে পাছত দুয়োকে বুজাই ঘৰলৈ পঠিয়াই দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















