প্ৰেমিকাৰে হোটেলৰ কোঠাত অভিসাৰত লিপ্ত থকা অৱস্থাতে এজন লোকক পত্নী আৰু নাবালিকা কন্যাই হাতেলোটে ধৰা পেলাইছে৷ ইয়াৰ পাছৰ সমগ্ৰ ঘটনা ক্ৰম নাবালিকা কন্যাই মোবাইলত ৰেকৰ্ডিং কৰি ভাইৰেল কৰিছে৷
সংবাদ সংস্থা এএনআইৰ হিন্দীৰ টুইটাৰ হেণ্ডলত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ঘটনাটো উত্তৰ প্ৰদেশৰ আগ্ৰাৰ বুলি কোৱা হৈছে৷ আৰু পৰ স্ত্ৰী তথা প্ৰেমিকাৰে অভিসাৰত লিপ্ত থকা অৱস্থাত ধৰা পৰা লোকজনৰ নাম দীনেশ গোপাল৷
ঘটনাৰ বিৱৰণীৰ মতে দীনেশ গোপালে আগ্ৰাৰ দিল্লী গেট অঞ্চলৰ এখন হোটেলত প্ৰেমিকাৰে অভিসাৰত লিপ্ত থকা অৱস্থা লোকজনৰ পত্নী নীলম আৰু তেওঁৰ ১৬ বছৰীয়া কন্যাই হোটেললৈ গৈ হাতে-লোটে ধৰা পেলায়৷
ভিডিঅ’টো চাবলৈ তলৰ লিংকত ক্লীক কৰক…
#WATCH उत्तर प्रदेश: आगरा में होटल के कमरे में दूसरी महिला के साथ पकड़े जाने पर पत्नी ने अपने पति को पीटा।
(नोट:अभद्र भाषा) pic.twitter.com/bjKLKRAFAW
— ANI_HindiNews (@AHindinews) September 21, 2022
লগতে পঢ়ক যুৱতীক জ’মেটো ডেলিভাৰী বয়ৰ চুমা! কি ক’লে ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মেটোৱে?
স্বামীয়ে পৰ স্ত্ৰীৰেৰে গোপনে এইদৰে অভিসাৰত লিপ্ত থকাটো সহ্য কৰিব নোৱাৰি নীলমে ভৰিৰ চেণ্ডেল খুলি স্বামী আৰু তেওঁৰ প্ৰেমিকাগৰাকী প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ এই সমগ্ৰ দৃশ্যৰাজি মোবাইলৰ কেমেৰাৰে কন্যাই ৰেকৰ্ডিং কৰে৷
ইয়াৰ পাছত মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ স্বামীৰ এনে কাণ্ড এয়াই প্ৰথম নহয়, তেওঁৰ স্বামীয়ে দীৰ্ঘদিন ধৰি এনেধৰণৰ কাম কৰি আহিছে। তেওঁলোকৰ এগৰাকী ১৬ বছৰীয়া কন্যা আৰু এটা ৯ বছৰীয়া পুত্ৰ সন্তান আছে।
পিতৃৰ এনে কাণ্ডৰ বাবে তেওঁলোকৰ দুই সন্তানো লজ্জানত বুলি মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ মাতৃয়ে দাবী কৰে যে নাবালিকা কন্যাগৰাকীয়ে আনকি পিতৃক নিজৰ দেউতা বুলি ক’বলৈও অস্বীকাৰ কৰিছে৷
লগতে পঢ়ক দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল
ভাইৰেল হোৱা ভিডিঅ’টোত কন্যাগৰাকীয়ে কোৱা শুনা গৈছে যে ‘তুমি মোৰ দেউতা নহয়, তুমি দেউতা নহয়, তোমাক মোৰ দেউতা বুলি ক’বলৈও লাজ লাগিছে৷’
পত্নীৰ চেণ্ডেলৰ মাৰ খাই থকা লোকজনে হাত জোৰ কৰি পত্নী আৰু কন্যাক ক্ষমা খোজাও দেখা গৈছে৷ কিন্তু পত্নী আৰু কন্যাই একাষাৰে স্বামী/পিতৃক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰে৷
আনহাতে লোকজনৰ পত্নীয়ে আৰক্ষীক মাতিবলৈ কয় আৰু সেই স্থানত থকা তেওঁলোকৰ এজন আত্মীয় পুৰুষে আৰক্ষীক খবৰ দিয়া বুলি কোৱা শুনা যায়৷ পাছত আৰক্ষীয়ে হোটেলখনৰ সেই নিৰ্দিষ্ট কোঠাটোত উপস্থিত হৈ পৰিস্থিতি চম্ভালি লয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















