এক চাঞ্চল্যকৰ ঘটনাৰ সাক্ষী হ’ল এগৰাকী পত্নী। পুৱাই স্বামীৰ বিচনাত পত্নীয়ে উদ্ধাৰ কৰিলে এগৰাকী যুৱতীৰ অৰ্ধ নগ্ন মৃতদেহ।
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি যোৱা শুকুৰবাৰে দিল্লী বুৰাৰী অঞ্চলৰ কৌশিক এনক্লেভৰ এটা ফ্লেটত যুৱতী এগৰাকীৰ অৰ্ধ নগ্ন মৃতদেহ উদ্ধাৰ কৰা হৈছে। আত্মীয় ঘৰৰ পৰা পুৱাই নিজা ফ্লেটলৈ আহি পত্নীয়ে স্বামীৰ বিচনাত অৰ্ধ নগ্ন অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ যে যুৱতীগৰাকীক মুখত সোপা দি উশাহ বন্ধ কৰি হত্যা কৰা হৈছে।
আৰক্ষীৰ সন্দেহ যে মৃত যুৱতীগৰাকীৰ সৈতে প্ৰিয়ংকা নামৰ পত্নীগৰাকীৰ অমন নামৰ স্বামী গৰাকীৰে দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল।
পত্নী আৰু পৰিয়ালৰ লোক ঘৰত নথকা অৱস্থাত অমনে যুৱতীগৰাকীক নৈশ যাপনৰ বাবে নিমন্ত্ৰণ কৰিছিল।কিবা কথাত সংঘাতত লিপ্ত হৈ যুৱতীগৰাকীক হত্যা কৰি অমনে পলায়ন কৰে। সংবাদ মাধ্যমৰ আগত ঘটনাৰ বিষয়ে প্ৰকাশ সময়ত আৰক্ষীয়ে কয়ে যে অমন এতিয়াও পলাতক হৈ আছে।
“তেওঁৰ পত্নী এজন আত্মীয়ৰ ঘৰলৈ গৈছিল৷ শুকুৰবাৰে পুৱা ৮ বজাত ঘৰলৈ উভতি আহিছিল। ঘৰলৈ আহি পত্নীয়ে যুৱতীগৰাকীৰ মৃতদেহটো অৰ্ধ-উলংগ অৱস্থাত দেখা পাইছিল।” সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে কয়।
ইফালে আৰক্ষীয়ে মৃত যুৱতীগৰাকী দিল্লীৰ নাথুপুৰা অঞ্চলৰ বাসিন্দা বুলি জানিবলৈ দিয়ে।
যুৱতীগৰাকীৰ পৰিয়ালক অৱগত কৰি আৰক্ষীয়ে হত্যাকাণ্ডটোৰ তদন্ত আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ