হিজাব বিতৰ্কৰ মাজতে কৰ্ণাটকত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ দেওবাৰে ৰাতি সংঘটিত হৈছে এই হত্যাকাণ্ড৷
ঘটনাৰ বিৱৰণীৰ মতে দেওবাৰে নিশা প্ৰায় ৯.৩০ বজাত এখন চাৰিচকীয়া বাহনত অহা এটা চাৰি পাঁচজনীয়া এটা দলে শিৱমোগা চহৰৰ ছিগেহট্টি অঞ্চলত বৰজং এদলৰ হৰ্ষ নামৰ এজন সদস্যক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে৷
বজৰং দলৰ সদস্যজনক আক্ৰমণ কৰি দুস্কৃতিকাৰীৰ দলটো পলায়ন কৰে৷ ইফালে স্থানীয় লোকে আহত হৰ্ষক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
বজৰং দলৰ সদস্যগৰাকীৰ মৃত্যুৰ পিছতে সমগ্ৰ চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে উত্তেজনাই বিৰাজ কৰিছে৷ এই ঘটনাৰ পিছতে শিবমোগা চহৰৰ ছিগেহট্টি অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ ইফালে হিন্দুত্ববাদী সংগঠনসমূহে হত্যাকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ চহৰজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
কেইবাখনো বাহনত অগ্নিসংযোগ কৰি প্ৰতিবাদী কাৰ্যসূচীক হিংসাত্মক কৰি তোলা দেখা গৈছে। হিন্দুত্ববাদী সংগঠনসমূহে চহৰ জুৰি উলিওৱা প্ৰতিবাদী সমদলে শিৱমোগা চহৰ স্তব্ধ প্ৰায় কৰি তোলাৰ পৰিপ্ৰেক্ষিত ইতিমধ্যে প্ৰশাসনে উক্ত অঞ্চলটোত ১৪৪ধাৰা জাৰি কৰিছে।
ইফালে কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰু আৰক্ষীয়ে উক্ত হত্যাকাণ্ড হিজাব বিতৰ্কৰ সৈতে কোনো সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে৷ উল্লেখ্য যে ৰাজধানী বাংগালুৰুৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ নিলগৰ চহৰখনত হিজাব বিতৰ্কৰ অন্য এক মুখ্য কেন্দ্ৰ আছিল ৷
গৃহমন্ত্ৰী আৰগা জ্ঞানেন্দ্ৰই সকলোকে ধৈৰ্য ধৰিবলৈ আহ্বান জনাই কয় যে তদন্ত চলি আছে আৰু শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ