অসম লাইভ ২৪ঃ ৰাজনৈতিক দলৰ মাজত অব্যাহত থকা আগন্তুক উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনকেন্দ্ৰিক বাক-যুদ্ধই শীৰ্ষত আৰোহণ কৰিছে৷
কোভিড পৰিস্থিতিৰ বাবে নিৰ্বাচন আয়োগে ৰাজহুৱা নিৰ্বাচনী সভা নিষিদ্ধ কৰাৰ ফলত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ যোগেদিয়ে এই বাক-যুদ্ধ অব্যাহত ৰাখিছে ৰাজনৈতিক দলৰ নেতাসকলে৷
এই ৰাজনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখি সংবাদ সংস্থা পিটিআইৰ আগত পুনৰ এবাৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণ কৰিছে গৌৰখপুৰৰ বিধানসভাৰ যোগীৰ প্ৰতিদ্বন্দ্বী চনদ্ৰশেখৰ আজাদে৷
সংবাদ সংস্থাটোৰ আগত আজাদে কয় যে গৌৰখপুৰ সমষ্টিবাসীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পৰাস্ত কৰি ১৯৭১ চনৰ ইতিহাস পুনৰাবৃত্তি কৰিব৷ স্মৰ্তব্য যে ১৯৭১ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত তেতিয়াৰ মুখ্যমন্ত্ৰী টি এন সিঙক গৌৰখপুৰৰ ভোটাৰে পৰাস্ত কৰিছিল৷
এইবাৰ নিৰ্বাচনত গৌৰখপুৰ সমষ্টিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা চন্দ্ৰশেখৰ আজাদে যোৱা পাঁচটা বছৰে যোগীয়ে উত্তৰ প্ৰদেশখন ধ্বংস কৰা বুলিও গুৰুতৰ অভিযোগ তোলে৷
আনহাতে, সমাজবাদী পাৰ্টিকো তীব্ৰ সমালচোনা কৰিছে আদাজে৷ আজাদে কয় যে তেওঁৰ দলে বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তি ঐক্যৱদ্ধ কৰি মৰ্চা গঠনৰ পোষকতা কৰিছিল৷ কিন্তু সমাজবাদী পাৰ্টিৰ প্ৰধান অখিলেশ সিং যাদৱে এই মিত্ৰতা কৰাৰ ক্ষেত্ৰত কোনো আগ্ৰহ প্ৰকাশ নকৰিলে৷
ইফালে সমাজবাদী পাৰ্টিয়ে আজাদৰ দলে নিৰ্বাচনত ভোট বিভাজন কৰোৱাই বিজেপিক সহায় কৰিব বুলি কৰা অভিযোগ খণ্ডন কৰিছে চন্দ্ৰশেখৰ আজাদে৷ নিৰ্বাচনকলৈ অত্যন্ত আত্মবিশ্বাসী হৈ থকা আজাদে আগন্তুক নিৰ্বাচনত যোগী আদিত্যনাথ পৰাস্ত হ’ব বুলিও দাবী কৰিছে৷
‘‘মই তেওঁ(যোগী)ক পৰাস্ত কৰিম৷ ইয়াৰ বাবে ঐক্যৱদ্ধ শক্তিৰ প্ৰয়োজন হ’ব আৰু আমি তাক কৰি দেখুওৱাম৷’’ আজাদে কয়৷
দুৰ্নীতি, কোভিড নিয়ন্ত্ৰণত ব্যৰ্থতা, নিবনুৱা সংস্থাপনত ব্যৰ্থতা, নাৰী সুৰক্ষাত ব্যৰ্থতা, আইন শৃংখলাত নিয়ন্ত্ৰণত ব্যৰ্থতা আদিৰ বাবেই যোগীৰ পতন হ’ব বুলি দাবী কৰিছে আজাদে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ