যদি আপুনি কোনো সমস্যা অবিহনে নিশ্চিত ৰিটাৰ্ণ বিচাৰিছে তেন্তে পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিম অত্যন্ত গুৰুত্বপূৰ্ণ৷ ই বেংক এফ ডিতকৈ নিৰাপদ বুলি ধাৰণা কৰা হয়৷ কাৰণ আপোনাৰ মূলধন আৰু সুদ উভয়েই চৰকাৰৰ দ্বাৰা সম্পূৰ্ণৰূপে নিশ্চিত৷ পোষ্ট অফিচ টি ডি স্কিমত আকৰ্ষণীয় সুদো প্ৰদান কৰা হয়৷ কেনেকৈ বিনিয়োগকাৰীয়ে এই স্কিমত ২৫ লাখ টকা বিনিয়োগ কৰি বিশাল মুনাফা অৰ্জন কৰিব পাৰিব সেই বিষয়েই এই প্ৰতিবেদনত আলোকপাত কৰা হৈছে৷
পোষ্ট অফিচ টি ডিত দুৰ্দান্ত সুদৰ হাৰ
পোষ্ট অফিচৰ টাইম ডিপোজিট স্কিমত বিভিন্ন সময়ৰ বাবে বিভিন্ন সুদ দিয়া হয়৷ যিয়ে বিনিয়োগকাৰীক প্ৰয়োজন অনুসৰি বিনিয়োগ কৰাৰ সুযোগ দিয়ে৷
১ বছৰৰ টি ডি- ৬.৯ শতাংশ বাৰ্ষিক সুদ
২ বছৰৰ টি ডি- ৭.০ শতাংশ বাৰ্ষিক সুদ
৩ বছৰৰ টি ডি- ৭.১শতাংশ বাৰ্ষিক সুদ
৫ বছৰৰ টি ডি- ৭.৫ শতাংশ বাৰ্ষিক সুদ
২৫ লাখ টকা বিনিয়োগত কিমান লাভ হ’ব?
আপুনি যদি ২৫ লাখ টকা বিনিয়োগ কৰে, তেন্তে বিভিন্ন সময়কালত আপোনাৰ লাভ হব
৫ বছৰত ৭.৫ শতাংশ হাৰত ২৫ লাখ টকা বিনিয়োগত আপুনি ৩৬,২৪,৮৭০ টকা লাভ কৰিব৷ ইয়াত আপোনাৰ লাভ হব ১১,২৪,৮৭০টকা৷
৩ বছৰত ৭.১শতাংশ হাৰত আপুনি ২৫ লাখৰ বিপৰীতে পাব ৩০,৮৭,৬৮৮ টকা৷ ইয়াত আপোনাৰ লাভ হব ৫,৮৭,৬৮৮টকা৷
২ বছৰত ৭.০শতাংশ হাৰত আপুনি ২৫ লাখ বিনিয়োগ কৰিলে আপুনি পাব ২৮,৭২,২০৪ টকা৷ ইয়াত আপোনাৰ লাভ হব ৩,৭২,২০৪ টকা৷
১ বছৰত ৬.৯ শতাংশ হাৰত ২৫ লাখ টকা আপুনি বিনিয়োগ কৰিলে পাব ২৬,৭৭,০১৫ টকা৷ ইয়াত আপোনাৰ লাভ হব ১,৭৭,০১৫টকা৷
টাইম ডিপোজিট স্কিমৰ সুবিধা
এই স্কিমত বহু সুবিধাও আছে৷ এই স্কিম ভাল বিনিয়োগ বিকল্প৷ পাঁচ বছৰৰ টি ডিত ১.৫০ লাখ টকা পৰ্যন্ত বিনিয়োগ ৮০ চি ধাৰাৰ অধীনত কৰমুক্ত৷ যদি আপোনাৰ সুদ ৪০,০০০ টকাতকৈ বেছি হয় তেন্তে টি ডি এছ কাটি লোৱা হব৷ আপুনি ইয়াত একক বা যৌথ একাউণ্টো খুলিব পাৰে৷ আপুনি সৰ্বনিম্ন ১০০০ টকা জমা কৰি এটা একাউণ্ট খুলিব পাৰে৷ জমাৰ বাবে সৰ্বোচ্চ কোনো সীমা নাই৷ প্ৰয়োজনত আপুনি আপোনাৰ একাউণ্টটো নিৰাপত্তা হিচাপে ৰাখি ঋণো লব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















