যোৱা বুধবাৰে গাঁৱৰ মাজৰ ৰাস্তাত এগৰাকী মহিলাক প্ৰেমিকসহ চাৰিজন লোকে উলংগ কৰি প্ৰহাৰ কৰাৰ এক জঘন্য বৰ্বৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
এই বৰ্বৰ অমানৱীয় ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত৷ ঘটনাৰ স্থান মধ্যপ্ৰদেশৰ ঝবুৱা জিলাৰ ৰূপৰেল গাঁও৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভোগী মহিলাগৰাকী কিছুদিন পূৰ্বে স্বামী ঘৰৰ পৰা গৈ প্ৰেমিকৰ সৈতে থাকিবলৈ লৈছিল৷ কিন্তু যোৱা বুধবাৰে মহিলাগৰাকীয়ে পুনৰ স্বামী গৃহলৈ যায়৷ এই কথাতে প্ৰেমিক মুকেশ উন্মাদ পৰে৷ উন্মাদ প্ৰেমিক মুকেশে লগত কেইজনমান সংগী লৈ মহিলাগৰাকীৰ ৰূপৰেলৰ স্বামী গৃহত উপস্থিত হয়৷
লগতে পঢ়ক ‘মোৰ সন্তানক খোৱাম নে মাৰি পেলাম?’ কাক আৰু কিয় এইদৰে ক’লে এক পাকিস্তানী মাতৃয়ে?
অভিযোগ অনুসৰি মহিলাগৰাকীৰ স্বামীগৃহত উপস্থিত হৈয়ে প্ৰেমিক মুকেশে সহযোগীসকলৰ সহায়ত প্ৰেমিকাক ঘৰৰ ভিতৰৰ পৰা টানি উলিয়াই ৰাস্তালৈ নি প্ৰহাৰ কৰিবলৈ ধৰে৷
ইমানেই নহয় মুকেশ আৰু তেওঁৰ সংগীসকলে মহিলাগৰাকীক উলংগ কৰি গাঁৱৰ মাজৰ ৰাস্তাতে প্ৰহাৰ কৰি অকথ্য নিৰ্যাতন চলাবলৈ ধৰে৷
লগতে পঢ়ক ৰাজ্যত চলিছে ঘোচ খোৱাৰ প্ৰতিযোগিতা! ঘোচ লৈ হাতে-লোটে ধৰা পৰিল চৰকাৰী বিষয়াসহ কৰ্মচাৰী
ইফালে গাঁৱৰ কিছু লোকে মহিলাগৰাকীক আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈ অৱশেষত আৰক্ষীৰ খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাৰ খবৰ পাইয়ে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মুকেশ আৰু তেওঁৰ তিনি সংগীক গ্ৰেপ্তাৰ কৰে।
মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, মুকেশে তেওঁ প্ৰতিদিনে মাৰপিট কৰিছিল আৰু সেয়ে তেওঁ প্ৰেমিকৰ ঘৰৰ পৰা স্বামী গৃহলৈ গুচি গৈছিল৷ এই জঘন্য ঘটনাটোৱে ঝবুৱা জিলাতেই নহয় সমগ্ৰ মধ্য প্ৰদেশজুৰি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ