খাদ্যত নিমখন বেছি হোৱাৰ বাবেই স্বামীয়ে নৃশংসভাৱে নিজ পত্নীক হত্যা কৰিছে৷ মহাৰাষ্ট্ৰৰ থানেত এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি থানেৰ ভায়াণ্ডৰ টাউনশ্বীপৰ নিৱাসী নীলেশ গাৰ্গ নামৰ লোকজনে শুকুৰবাৰে খিচিৰিত নিমখ বেছি হোৱাৰ বাবেই ৪০ বছৰীয়া পত্নীক ডিঙিত কাপোৰ মেৰিয়াই হত্যা কৰে৷
‘‘৪৬ বছৰীয়া নীলেশ গাৰ্গ নামৰ লোকজনে ব্ৰেকফাষ্টৰ খিচিৰিত নিমখ বেছি হোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পুৱা ৯ মান বজাত পত্নী নিৰ্মলাক হত্যা কৰিছে৷’’ মীৰা ভায়াণ্ডৰ-ভাছাই বিহাৰ আৰক্ষীয়ে পিটিআইক কয়৷
লগতে পঢ়ক ভাট্ট পৰিয়ালৰ মহিলাই দাবী কৰিছিল ১১.৫ কোটি টকা : ৰণবীৰে দিলে কিমান?
আৰক্ষীয়ে ঘটনাৰ খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হৈ নিৰ্মলাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত স্বামী নীলেশ গাৰ্গক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২(হত্যা)ৰ অধীনত এক গোচৰ ৰুজু কৰিছে৷
আনহাতে, থানে জিলাৰ ৰাবদিতো অন্য এক তদ্ৰূপ ঘটনা সংঘটিত হৈছে৷ পুৱা ব্ৰেকফাষ্টসহ চাহ নিদিয়াৰ বাবে খঙত খড়্গহস্ত হৈ শহুৰেকে বোৱাৰীয়েকলৈ গুলীবৰ্ষণ কৰে৷ শহুৰেকৰ গুলীত গুৰুতৰভাৱে আহত ৪২ বোৱাৰীয়েকগৰাকীৰ শুকুৰবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ