দেশত নাৰীৰ সুৰাপানৰ হাৰ ক্ৰমশঃ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আধনুকি শিক্ষাৰ প্ৰসাৰ আৰু লৈংগিক সমতাৰ আন্দোলনে দেশত মৃদুভাৱে প্ৰৱাহিত হোৱাৰ ফলতে দেশত নাৰীৰ সুৰাপান বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ লৈংগিক সমতাৰ লগতে নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বীতাও নাৰীৰ সুৰাপান বৃদ্ধিৰ এক কাৰক বুলি অভিহিত কৰিব পাৰি৷
শেহতীয়াকৈ ২০১৯-২১ বৰ্ষৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল জৰীপ-৫ (National Health and Family Survey-5)এ দেশৰ সুৰাপান সম্পৰ্কীয় কেতবোৰ আকৰ্ষণীয় তথ্য পোহৰলৈ আনিছে৷
সমীক্ষাত প্ৰকাশ পোৱা তথ্যৰ মতে দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই সুৰাপান কৰা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ৷ এই ক্ষেত্ৰত ছিকিমে দ্বিতীয় স্থানত থকাৰ বিপৰীতে অসম আছে তৃতীয় স্থানত৷
লগতে পঢ়ক আকৌ বিতৰ্কত লেডী সিংঘম জোনমণি ৰাভা, ধন সংগ্ৰহৰ অভিযোগ ৰাভাৰ বিৰুদ্ধে
অৰুণাচল প্ৰদেশত ১৮ শতাংশ মহিলাৰ বিপৰীতে ছিকিমত ১৪.৮ শতাংশ মহিলাই সুৰাপান কৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে৷ আনহাতে, অসমৰ ৫.৫ শতাংশ মহিলাই সুৰাপান কৰি এই তালিকাৰ তৃতীয় স্থানত আছে৷
আনহাতে, ৫৯ শতাংশ পুৰুষৰ সুৰাপানেৰে গোৱাই প্ৰথম স্থানত থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশে ৫৭ শতাংশৰেৰে দ্বিতীয় স্থানত আছে৷ অৱশ্যে পুৰুষৰ সুৰাপানৰ তালিকাত প্ৰথম পাঁচখন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰা নাই৷
ইফালে সৰ্বভাৰতীয় পৰ্যায়ত ১৭ শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে আৰু ৩৭ শতাংশই সপ্তাহত এবাৰ সুৰাপান কৰে বুলি প্ৰকাশ পাইছে৷ ইয়াৰ বিপৰীতে ১৫ শতাংশ পুৰুষে প্ৰতিদিনে সুৰাপান কৰে আৰু ৪৩ শতাংশই সপ্তাহত সুৰা সেৱন কৰে৷
লগতে পঢ়ক ৬০ বছৰীয়া বৃদ্ধাক মৰিয়াই মৰিয়াই হত্যা চাৰি লোকৰ, আহত পুত্ৰ
এই সমীক্ষাৰ তথ্যৰ মতে ১৫ৰ পৰা ৪৯ বছৰৰ ভিতৰত কেৱল ১ শতাংশ মহিলাই সুৰাপান কৰাৰ বিপৰীতে ২২ শতাংশ পুৰুষে সুৰা সেৱন কৰে৷
অৱশ্যে, সমীক্ষাটোৱে দেখুওৱাইছে যে দেশত পুৰুষে সুৰাপান কৰাৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে৷ ২০১৫-১৬ বৰ্ষৰ সমীক্ষাৰ তুলনাত ২০১৯-২১ বৰ্ষৰ সমীক্ষাত পুৰুষৰ সুৰাপানৰ হাৰ ২৯ শতাংশৰ পৰা ২২ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু বিশেষজ্ঞৰ মতে লকডাউনৰ সময়ত মদৰ দোকান বন্ধ থকাৰ কাৰণেহে হ্ৰাস পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ