জোতা পিন্ধাটো একান্তই ব্যক্তিগত পচন্দৰ বিষয়। কিছুমানে সাধাৰণ জোতা/চেণ্ডেল পিন্ধিবলৈ ভাল পায় আৰু কিছুমানে গোৰোহা ওখ অৰ্থাৎ হাই হিল থকা জোতা/চেণ্ডেল পিন্ধিবলৈ ভাল পায়।
কিন্তু কোনো নিৰ্দিষ্ট প্ৰকাৰৰ জোতাই বিপৰীত লিংগৰ লোকসকলক অধিক আকৰ্ষিত কৰে নেকি? এই সম্পৰ্কে ব’কনেল বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে এক অধ্যয়ন চলাইছিল। এই অধ্যয়নৰ ফলাফলে কি দেখুওৱাইছে?
৪৪৮ জন লোকক সাঙুৰি চলোৱা এই অধ্যয়নৰ প্ৰতিবেদন Personality and Individual Differences নামৰ এখন বিজ্ঞান কাকতত প্ৰকাশ পাইছিল।
লগতে পঢ়ক ‘মোৰ কণ্ডৰ বিজ্ঞাপনে ভাৰতত যৌনতাৰ বিপ্লৱ আনিছিল’ কোনে কৰিলে এই দাবী?
অধ্যয়নটোত অংশগ্ৰহণকাৰীসকলক সোধা হৈছিল যে মুখ্যতঃ হাই হিল জোতা/চেণ্ডেল পিন্ধা মহিলা আৰু সাধাৰণ জোতা/চেণ্ডেল পিন্ধা মহিলাসকলৰ ভিতৰত কোনগৰাকীক অধিক পচন্দ কৰে।
অধ্যয়নটোৰ ফলাফল অনুসৰি বেছিভাগ লোকে হাই হিল জোতা/চেণ্ডেল পিন্ধা মহিলাৰ প্ৰতি অধিক আকৰ্ষিত হয়।
অংশগ্ৰহণকাৰীসকলক জোতা/চেণ্ডেলৰ শাৰীৰিক অবয়ৱ, বৈশিষ্ট্যপূৰ্ণ গুণাগুণ আৰু সামাজিক সন্মানৰ সৈতে সম্পৰ্কিত কেইবাটাও বিষয়ৰ সম্পৰ্কেও সোধা হৈছিল।
লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!
গৱেষকসকলে কৈছে যে হাই হিল/চেণ্ডেল পিন্ধাৰ ফলত কঁকাল অঞ্চলত মেৰুদণ্ডৰ এক বিশেষ ঘূৰ্ণন হয়। এইটোৱে সম্ভৱতঃ মহিলাসকলক অধিক আকৰ্ষণীয় কৰি তোলে।
কিন্তু বিশেষজ্ঞসকলৰ এটা অংশই কয় যে এনে জৰীপৰ ওপৰত ভিত্তি কৰি কোনো ফলাফলক শেষ সিদ্ধান্ত বুলি গণ্য কৰা উচিত নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ