শেহতীয়াকৈ পাকিস্তানৰ সুন্দৰী যুৱতীৰ যৌনতাৰ লালসাত পৰি ভাৰতীয় বায়ুসেনাৰ এক জোৱানে আইএছআইক তথ্য যোগান ধৰাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰিছে৷
প্ৰকাশিত খবৰ অনুসৰি ভাৰতীয় বায়ু সেনাৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট(জিডি) দেবীন্দ্ৰ শৰ্মাই আইএছআইৰ এজেণ্ট পাকিস্তানী সুন্দৰীৰ যুৱতীৰ যৌনতাৰ ফান্দত পৰি বায়ু সেনাৰ গোপন তথ্য প্ৰদান কৰিছে৷
৩২ বছৰীয়া জোৱানগৰাকী দিল্লীস্থ সুব্ৰত পাৰ্কৰ বায়ুসেনা কাৰ্যালয়ৰ ৰেক’ৰ্ড বিভাগত কৰ্মৰত আছিল৷ ইতিমধ্যে জোৱান শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে৷
লগতে পঢ়ক অবিশ্বাস্য হ’লেও সত্য এযোৰ জীৰ্ণ জোতাৰ মূল্য ১.৪৪ লাখ টকা!
উল্লেখ্য যে ভাৰতীয় নিৰাপত্তা সংক্ৰান্তীয় গোপন তথ্য হাচিল কৰিবলৈ ভাৰতীয় সেনাৰ জোৱান-বিষয়া আদিক পাকিস্তানে যুৱতীৰ যৌনতাৰ টোপ দি অহাটো নতুন কথা নহয়৷ ইয়াৰ পূৰ্বেও ভাৰতীয় সেনা বাহিনীৰ জোৱানসহ বিষয়াও এনে জালত ভৰি দিয়াৰ উদাহৰণ আছে৷
এইবাৰ দিল্লী আৰক্ষীৰ গোপন সূত্ৰই খবৰ পাই যে সুন্দৰী যুৱতীৰ যৌনতাৰ ফান্দত পৰি বায়ুসেনাৰ কোনো বিষয়াই আইএছাইৰ এজেণ্টক গোপন তথ্য যোগান ধৰি আছে৷ ইয়াৰ পিছতে বিষয়টো সংক্ৰান্তত তদন্ত আৰম্ভ কৰে আৰু দিল্লীস্থ সুব্ৰত পাৰ্কৰ বায়ুসেনা কাৰ্যালয়ৰ ৰেক’ৰ্ড বিভাগত কৰ্মৰত জোৱান দেবীন্দ্ৰ শৰ্মাই এই কাণ্ড সংঘটিত কৰাৰ তথ্য লাভ কৰে৷
লগতে পঢ়ক বিশ্বৰ পাঁচ সৰ্বাধিক ধন উপাৰ্জনকাৰী খেলুৱৈ কোন কোন?
ইয়াৰ পিছতে জোৱানগৰাকীক জেৰা কৰা হয় আৰু জেৰাত তেওঁ সেই কথা স্বীকাৰ কৰিছে৷ দেবীন্দ্ৰই স্বীকাৰ কৰিছে যে তেওঁৰ সৈতে যৌন সম্পৰ্ক গঢ়ি আইএছআই এজেণ্ট পাকিস্তানী সুন্দৰীগৰাকীয়ে বিভিন্ন গোপন তথ্য সৰকাই নিয়ে৷
দেবীন্দ্ৰ শৰ্মাই এই কথা স্বীকাৰ কৰাৰ পিছতে যোৱা ৬ মে’ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ