আপুনি ভাবকচোন এটা উটৰ মূল্য কিমান হ’ব পাৰে? আপোনাৰ মতে এটা উটৰ দাম লাখৰ ঘৰত নে কোটিৰ ঘৰত? আপুনি নিশ্চয় লাখৰ ঘৰত বুলিয়েই ক’ব!
কিন্তু আমি আপোনাক এনে এটা উটৰ কথা জনাবলৈ আগবাঢ়িছো, যাৰ মূল্য লাখৰ কথা বাদেই দিয়ক কে’বাকোটি টকাও৷ হয়, সেই বিশেষ উটটোৰ দাম ১ বা ২ কোটিও টকা নহয়, ইয়াৰ মূল্য হৈছে ১৪ কোটি টকাৰো অধিক৷
লগতে পঢ়ক হোৱাটছএপত পাকিস্তানক লৈ কি ষ্টেটাছ দি গ্ৰেপ্তাৰ হ’ল এগৰাকী ভাৰতীয় যুৱতী?
গল্ফ নিউজৰ এক প্ৰতিবেদন মতে ছৌদি আৰৱত এটা উট ১৪ কোটি ২৩ লাখ টকাত নিলাম হৈছে৷ প্ৰতিবেদনখনৰ মতে ৰমজান মাহৰ পূৰ্বেও সংশ্লিষ্ট উটটো নিলাম কৰা হৈছিল৷
১০ কোটি ১৬ লাখ টকাৰ পৰা উটটোৰ নিলামৰ দৰ আৰম্ভ কৰা হৈছিল ৷ নিলাম অনুষ্ঠানত উটটো দৰ উঠে ১৪ কোটি ২৩ লাখ টকা৷
অৱশ্যে ১৪ কোটি ২৩ লাখ টকাত উটটো ক্ৰয় কৰা লোকজনৰ সবিশেষ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই৷ ইফালে এই উটটোৱে উটৰ নিলামত বিশ্বৰ আটাইতকৈ দামী উট বুলি প্ৰকাশ পাইছে৷
লগতে পঢ়ক IPLৰ অনুষ্ঠানত বক্সাৰ লাভলীনাক সন্মান BCCIৰ, ২৫ লাখ টকাৰ চেক প্ৰদান
উল্লেখ্য যে মৰুদেশ ছৌদি আৰৱত অতি দুলৰ্ভ উটকহে নিলাম কৰা হয় বুলি জনা যায়৷ ইফালে ছৌদি আৰৱৰ জনজীৱনৰ সৈতে উটৰ বিশেষ ভূমিকা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ