অসম লাইভ২৪ঃ আজি প্ৰেছ ফ্ৰিডম ডে’৷ বিশ্বৰ প্ৰতিটো কোণতেই সংবাদ কৰ্মীসকলে হেৰুৱাইছে স্বাধীনতা৷ সাংবাদিক নিগ্ৰহ, সাংবাদিকক কাৰাবন্দী, হত্যা আদি নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে৷ সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ প্ৰশ্নও উত্থাপিত হৈছে৷ বুধবাৰে World Press Freedom Day ৰ দিনাই ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰিছে বিশেষ প্ৰতিবেদন৷
World Press Freedom Day ৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰসংঘপ্ৰধান এণ্টানিঅ’ গুতেৰেছে ভাষণত কৈছে, ‘আমাৰ সমস্ত স্বাধীনতাই নিৰ্ভৰ কৰে সংবাদমাধ্যমৰ স্বাধীনতাৰ ওপৰত৷ সংবাদ মাধ্যম ন্যায় আৰু গণতন্ত্ৰৰ ভেটীতেই জীয়াই থাকে৷ কিন্তু বিশ্বৰ বিভিন্ন কোণত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্ৰমণ চলিছে৷ সেয়ে তেওঁলোকে স্বাধীনচেতীয়াকৈ কাম কৰি থকাটোৱেই ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷’
অৱশ্যে এই ভাষণত গুটেৰেছে কোনো দেশৰ নাম উল্লেখ কৰা নাই৷ World Press Freedom Dayৰ দিনাই ইৰাণৰ এজন সাংবাদিকে দাবী কৰিছে, ‘মই এনে এখন দেশৰ পৰা আহিছো, য’ত সাংবাদিকতা কৰা মানেই অপৰাধ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ