অসম লাইভ২৪ঃ ২০২৩ চনতো বহুতেই কুকুৰ বা মেকুৰীয়ে কামূৰিলে ভেকছিন নলয়। যাৰবাবে আজিও বহুসংখ্যক লোকেই ৰেবিছত আক্ৰান্ত হৈ মৃত্যুক সাবটে। ৰেবিছ এবিধ ভাইৰাছজনিত অসুখ। এবাৰ এই ভাইৰাছে মানৱ দেহত থিতাপি ল’লে বচাৰ কোনো উপায় নাথাকে। সেয়ে কুকুৰ, মেকুৰি বা কোনো স্তন্যপায়ী প্ৰাণীয়ে কামূৰিলে দ্ৰুততৰভাৱে টিকা ল’ব লাগে। অন্যথা বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বহু পৰিমাণে থাকে।
কুকুৰ বা মেকুৰীয়ে কামূৰিলে পোনতে কি কৰিব?
কুকুৰ, মেকুৰীয়ে কামূৰিলে যিমান পাৰি সিমান সোনকালে সেই ক্ষতস্থান ধুই ল’ব। হাতৰ কাষতে যদি চাবোন থাকে তেন্তে চাবোনেৰে সেই ক্ষতস্থান ধুই পেলাব। তেতিয়া সংক্ৰমণৰ আশংকা কিছু পৰিমাণে কমি যায়। ইয়াৰোপৰি তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ কোনো মলম ব্যৱহাৰ নকৰিব।
এই ভুল নকৰিব
কুকুৰ, মেকুৰীয়ে কামূৰিলে বহুলোকেই ভেকছিন নলয়। কুকুৰটোৰ ওপৰতহে দৃষ্টি ৰাখে। কামোৰাৰ কিছুদিনৰ ভিতৰত যদি কুকুৰ বা মেকুৰীটো গুৰুতৰভাৱে অসুস্থ হৈ পৰে তেন্তে পলম নকৰি চিকিৎসা কেন্দ্ৰলৈ গৈ টিকা লয়। এয়াই আমাৰ ডাঙৰ ভুল। কাৰণ কামূৰাৰ পৰা কুকুৰটোৰ অসুস্থতালৈ অপেক্ষা কৰা সেই সময়খিনিতেই শৰীৰত ৰেবিছে ঠাই কৰি লয়। সেয়ে কুকুৰে কামূৰিলে পলম নকৰি লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক।
ৰেবিছ মানেই মৃত্যু!
ৰেবিছৰ বৰ্তমানলৈকে কোনো চিকিৎসা নাই। এবাৰ এই ৰোগৰ সংক্ৰমণ হ’লে বচাৰ আশা তেনেই ক্ষীণ। প্ৰায় ১০০ শতাংশ ৰোগীয়েই মৃত্যুৰ মুখত পৰে। ৰেবিছৰ টিকা লওঁতেও বহুতেই আধৰুৱা চিকিৎসাহে লয়। ৰেবিছৰ টিকা লওতে ৩,৭,১৪ আৰু ৩০ দিনৰ মূৰে মূৰে আটাইকেইটা ভেকছিনেই ল’ব। এই ভেকচিনৰ প্ৰথম টিকাক কোৱা হয় জিৰো ডে ভেকছিন। দ্বিতীয়টো ভেকচিন প্ৰথম ভেকছিনৰ ৩ দিন পাছত, তাৰপিছতেই আনটো ভেকছিন ৭ দিনত, চতুৰ্থটো ভেকছিন ১৪ দিনত আৰু পঞ্চমটো ভেকছিন ৩০ দিনত ল’ব। এয়াই ৰেবিছ টিকাৰ ছিডিউল। এই নিয়ম মানি টিকা ল’লে সংক্ৰমণৰ শংকা কমি যায়।
Disclaimer: প্রতিবেদনটো সচেতনতাৰ উদ্দেশ্যেহে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামর্শ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ