বিশ্বৰ সৰ্বোচ্চ সুৰংগ নিৰ্মাণ কৰিব ভাৰতে, তাকে লৈ এতিয়া গভীৰ চিন্তাত চীন
লাডাখৰ কাৰ্গিলত আৰম্ভ হ’ব শ্বিনকুন লা সুৰংগ প্ৰকল্পৰ কাম। শুকুৰবাৰে কাৰ্গিলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰংগ নিৰ্মাণৰ বাবে প্ৰথমটো বিস্ফোৰণ কৰে। ৪.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ টুইন টিউব সুৰংগৰে গঠিত এই প্ৰকল্প।
নিমু-পদুম-দৰ্চা পথত প্ৰায় ১৫,৮০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হ’ব এই সৰ্বোচ্চ সুৰংগ। এই সুৰংগ নিৰ্মাণৰ লগে লগে ভৱিষ্যতে সকলো ঋতুতে লেহৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব।
এইটোৱেই হ’ব বিশ্বৰ সৰ্বোচ্চ সুৰংগ। পিএমঅ’ৰ মতে, শ্বিনকুন লা সুৰংগে আমাৰ সশস্ত্ৰ বাহিনী আৰু সঁজুলিৰ দ্ৰুত আৰু কাৰ্যক্ষম গতিবিধি নিশ্চিত কৰাই নহয়, লাডাখৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নো বৃদ্ধি কৰিব।
প্ৰকল্পটো সম্পূৰ্ণ হ’লে বছৰটোৰ ভিতৰত সকলো ঋতুতে লাডাখলৈ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰ পৰিবহণ কৰাৰ ক্ষেত্ৰতে সহজ হৈ পৰিব।
পাছে ভাৰতৰ এই পৰিকল্পনা তথা কাৰ্যক লৈ চিন্তা বাঢ়িছে চীনৰ। চীনৰ সীমান্তত অহৰহ উত্তেজনা, এনে পৰিস্থিতিত ভাৰতীয় সেনাই নতুন আত্মবিশ্বাস লাভ কৰিব। লাডাখৰ সীমান্তৱৰ্তী অঞ্চললৈ ভাৰতীয় সেনাৰ যাবলৈ এইটোৱেই হ’ব আটাইতকৈ চুটি পথ।
এল এ চি আৰু এল অ’ চিত সেনাবাহিনীৰ ওচৰলৈ তৎক্ষণাত যোগাযোগ কৰাত সহায়ক হ’ব। যাৰৰ ফলত এতিয়া চীনে কোনো আক্ৰমণ বা সীমা দখলৰ কথা চিন্তা কৰিলে পূৰ্বে ভাৰতীয় সেনাৰ বিষয়ে আৰু যোগাযোগৰ বিষয়ে ১০ বাৰ ভাবিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ