বিজ্ঞানীসকলে কপাহতকৈ পাতল এটা গ্ৰহ বিচাৰি পাইছে, বিপৰীতে ইয়াৰ আকাৰ বৃহস্পতিতকৈও ডাঙৰ
বিশ্বব্ৰহ্মাণ্ডত এনে বহু গোপনীয়তা লুকাই আছে, যাৰ বিষয়ে বৰ্তমানেও মানুহ অজ্ঞাত। এই নতুন গ্ৰহটো তুলাতকৈয়ো পাতল , বিপৰীতে আকাৰত ই বৃহস্পতি গ্ৰহতকৈয়ো ডাঘৰ। সদ্যহতে এদল বিজ্ঞানীয়ে এটা গ্ৰহটো আৱিষ্কাৰ কৰে।
বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰা গ্ৰহটোৰ নাম WASP-193-b ৰখা হৈছে। বৈজ্ঞানিকৰ দলে জনোৱা মতে,এই গ্ৰহটো গেছীয় গ্ৰহ, অৱশ্যে ইয়াৰ ঘনত্ব অধিক নহয়। এই কাৰণে ইয়াক আটাইতকৈ লঘু গ্ৰহ বুলি কোৱা হৈছে।
মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিৰ এই বৈজ্ঞানিক দলটোৰ মুৰব্বী হৈছে খালিদ বৰকুই। তেওঁ ক’লে যে মূলতঃ ই এটা কোমল গ্ৰহ (কপাহৰ দৰে), কাৰণ ই কঠিন পদাৰ্থৰ পৰিৱৰ্তে লঘু গেছৰ দ্বাৰা নিৰ্মিত।
বৈজ্ঞানিক দলটোৱে কয় যে এই গ্ৰহটো মূলতঃ হাইড্ৰজেন আৰু হিলিয়ামৰ দ্বাৰা গঠিত। এই গ্ৰহটো যোৱা বছৰ নিশ্চিত হৈছিল। পৃথিৱীৰ পৰা ১২০০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত আৰু আকাৰৰ ফালৰ পৰা ই দ্বিতীয় বৃহত্তম গ্ৰহ।
Wasp-193-b নামৰ এই গ্ৰহটোৰ আকাৰ বৃহস্পতিতকৈ ডাঙৰ খালিদ বৰকুইয়ে কৈছে, “প্ৰতিষ্ঠিত মানদণ্ডৰ ভিত্তিত ইমান কম ঘনত্বৰ গ্ৰহৰ অস্তিত্ব সম্ভৱ নহয়।”
এই গ্ৰহটোৱে ৬.২ দিনত নিজৰ কক্ষপথৰ চাৰিওফালে ঘূৰি থাকে আৰু এই গ্ৰহত বিভিন্ন ধৰণৰ গেছৰ বাবে পোহৰ অতি কম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ