বিয়া পাতিম বুলি ভাবিছে! বাধা আহিছে নতুবা আপোনাৰ বিয়া পতাত বিলম্ব হৈছে নেকি? এই সকলো বাধা অতিক্ৰম কৰিবলৈ আপোনালৈ আহিছে সুযোগ৷ শিৱ মহাৰাত্ৰিত ইয়াৰ প্ৰতিকাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব৷
৮ মাৰ্চ শুকুৰবাৰে হ’ব মহাশিৱৰাত্ৰি৷ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত সনাতনীসকলে মহাশিৱৰাত্ৰি পালন কৰিব৷ যিসকলে বিয়া পতাৰ ইচ্ছা কৰা সত্ত্বেও বিভিন্ন বাধাৰ সন্মুখীন হৈছে বা পাতিম পাতিম বুলি ভাবি থাকোতে সময় গুছি গৈছে, সেইসকলে এই মহাৰাত্ৰিতেই বিবাহৰ বাধা আৰু বিলম্ব প্ৰতিকাৰ কৰিব পাৰে৷ মহাশিৱৰাত্ৰিৰ দিনা হালধীয়া ৰঙৰ পোছাক পৰিধান কৰাৰ চেষ্টা কৰক৷ ইয়াৰ বিশেষ তাৎপৰ্য আছে৷
ইয়াৰ উপৰি মহাশিৱৰাত্ৰিত শিৱবাবা আৰু মা পাৰ্বতীক ফুলৰ মালা অৰ্পণ কৰক৷ কিয়নো, এই দিনটোতে ভোলানাথ আৰু মা পাৰ্বতীৰ যুগ্মজীৱন আৰম্ভ হয়৷ সেইবাবে এই দিনটোক বিশেষ দিন বুলি ভাৰতীয়সকলে পালন কৰি আহিছে৷ এই দিনটোত শিৱ আৰু মা পাৰ্বতীক ভক্তিমনে আৰাধনা কৰিলে বিয়াৰ ক্ষেত্ৰত অহা বাধা বা বিলম্ব শীঘ্ৰে আঁতৰি যায়৷ পূজাৰ সময়ত আপুনি এই মন্ত্ৰফাকি ১০৮ বাৰ জপ কৰক – ‘ওম গৌৰী শঙ্কৰায় নমঃ’৷
শিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰলৈ গৈ গৰুৰ বিশুদ্ধ গাখীৰ ভগৱান শিৱৰ ৰুদ্ৰ অভিষেক কৰক৷ ইয়াতে দেৱাদিদেৱ মহাদেৱ সুখী হয়৷ মহাশিৱৰাত্ৰিৰ দিনা শ্ৰীৰামচৰিত মানসত বৰ্ণিত শিৱ-পাৰ্বতীৰ বিবাহ পাঠ কৰা উচিত৷ পূজাৰ পদ্ধতি অনুযায়ী ৰাতি চাৰি প্ৰহৰত চাৰিবাৰ শিৱলিংগত পূজা কৰিব লাগে৷ এনে কৰিলে মহাদেৱৰ সমগ্ৰ পৰিয়াল সুখী আৰু শুভবিবাহৰ দিনা শুভ কাৰ্যৰ বাবে আপোনাক আশীৰ্বাদ প্ৰদান কৰিব৷ পূজা দিওঁতে কেৱল মনত ৰাখিব লাগিব হালধী, সেন্দুৰ আদিৰে কেতিয়াও শিৱপূজন কৰা নহয়৷ আপোনাৰ বাবে শুভ দিন আহি আছে ৮ মাৰ্চত৷ মহাশিৱৰাত্ৰিত ওপৰত উল্লেখ কৰা নিয়মকেইটা পালন কৰিলেই আপুনি ফল নিশ্চিত পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ