অসম লাইভ২৪ঃ মানুহ যেনেকৈ পোহৰমুখী তেনেকৈয়ে যুদ্ধৰ দৰে অন্ধকাৰো মানুহেই তৈয়াৰ কৰে। সেই অভিশাপতেই ২৫ ডিচেম্বৰৰ দিনটোত বিষন্ন হৈয়েই থাকিল যীশুৰ জন্মস্থান। ইজৰাইল-হামাছ যুদ্ধৰ বাবে যীশুখ্ৰীষ্টৰ জন্মস্থান বেথলেহেমত কোনো উৎসৱৰেই আয়োজন কৰা নহ’ল ২৫ ডিচেম্বৰৰ দিনটোত। বেথলেহেমত সুন্দৰ আলোকসজ্জাৰ বিপৰীতে বতাহত বিয়পিছে কেৱল বাৰুদৰ গোন্ধ। সুস্বাদু খাদ্য গ্ৰহণৰ বিপৰীতে বেথলেহেমৰ জনতাৰ এতিয়া এমুঠি অন্নৰ বাবেও হাহাকাৰ।
অন্য বৰ্ষত এই দিনটোত বেথলেহেমত দেখা যায় বিশেষ আলোকসজ্জা। পেলেষ্টাইনৰ ইজৰাইল অধিকৃত ৱেষ্ট বেংকৰ এই সৰু চহৰখন এতিয়া কেৱল মাথো নিৰৱতা। পূণ্যাৰ্থীসকলৰ ভিৰত বিৰ দি বাট নোপোৱা বেথলেহেমৰ ৰাজপথত এতিয়া কেৱল নিৰবতা। সমগ্ৰ পৃথিৱীৰ পৰ্যটকসকলেৰে ভৰি থকা এই এলেকাৰ হোটেলসমূহত প্ৰায় প্ৰতিসময়তেই চলি থাকিছিল গান বাজনা। এতিয়া সেই এলেকাত কেৱল শংকা। খ্ৰীষ্টমাছ বুলিলেও খ্ৰীষ্টমাছ ট্ৰি, শোভাযাত্ৰা, বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা এই চহৰত এতিয়া শংকিত জনতাই প্ৰাৰ্থনা কৰিছে কাৰো আত্মীয়ৰ মৃত্যু হোৱাৰ খবৰে যাতে আকৌ কাকোৱেই ভাঙি নেপেলাই। মৃত্যুৰ ভয়াৱহতা কি সেই ছবি বেথলেহেমৰ জনতাৰ চকুত স্পষ্টৰূপত ধৰা দিছে বিগত কেইটা মাহত।
২০২৩ৰ ২৫ ডিচেম্বৰত কি দেখিলে বেথলেহেমবাসীয়ে?
বেথলেহেমত এইবাৰ যীশু নাই, ছান্তা নাই, হৰিণ নাই, আশীৰ্বাদ, অভিবাদন, আনন্দ একোৱেই নাই। বৰদিনৰ দিনাও জনশূন্য বেথলেহেমৰ সমূহ ৰাজপথ। জনশূন্য ৰাজপথত টহল দি আছে নিৰাপত্তা বাহিনীয়ে। যুদ্ধৰ মাজতেই বেথলেহেমত ধৰ্মীয় সকলো অনুষ্ঠান বাতিল কৰা হৈছে। বিগত ৭ অক্টোবৰত ইজৰাইলত হামাছে হঠাৎ আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ পাছতেই পেলেষ্টাইন আৰু ইজৰাইল দুই দেশৰ নাগৰিকেই ভালে থকা নাই। সকলোৱেই কম বেছি পৰিমানে আতংকিত হৈ আছে।
গাজাৰ কথা পৃথককৈ কোৱাৰ প্ৰয়োজনেই নাই। খ্ৰীষ্টমাছ বা বৰদিন বুলিলে শিশুসকলক ছান্তাই উপহাৰ দিয়াৰ অন্য এক দৃশ্য আমাৰ চকুত ভাঁহি আহে। কিন্তু এই যুদ্ধই কাঢ়িছে হাজাৰ হাজাৰ শিশুৰ প্রাণ। ছান্তাই শিশুক উপহাৰ দিবলৈ শিশুটিক আগুৱাই দিবলৈ কোনো কাৰণতেই ৰাজী নহয় বেথলেহেমৰ একোটা পৰিয়াল। গাজাত শিশুৰ ওপৰত চলা আক্ৰমণ দেখি শংকিত প্ৰতিজন পিতৃ-মাতৃয়েই। কোনো কোনো নিৰাপৰাধী শিশুৰ যদি মৃত্যু হৈছে কোনোবাটো শিশু আকৌ চিৰদিনৰ বাবে পংগু হৈ পৰিছে. দুবেলা দুমুঠি বাদেই পিয়াহৰ পানী টুপাও বিচাৰি নাপায় হাহাকাৰ কৰি মৃত্যুক সাবটিছে কোনোবাটো শিশুৱে। চৰকাৰী পৰিসংখ্যামতে গাজাত বৰ্তমানলৈ নিহতৰ সংখ্যা প্ৰায় ২০,৪২৪। বিগত ২৪ ঘণ্টাত ১৬৬ জনৰ মৃত্যু হৈছে, আঘাতপ্ৰাপ্ত হৈছে ৩৮৪জন। ইয়াৰমাজতেই গৃহহীন হৈছে ২৩ লাখ লোক।
উল্লেখ্য যে, ৱেষ্ট বেংক আৰু জেৰুজালেমত ৫০ হাজাৰ খ্ৰীষ্টিয়ান লোকে বসবাস কৰে। আনকি গাজাতেই আনুমানিক ১৩০০ খ্ৰীষ্টিয়ানে বসবাস কৰে। অসহায় অৱস্থাত এতিয়া সকলো পেলেষ্টাইনী খ্ৰীষ্টিয়ান। যুদ্ধৰ প্রভাৱ পৰিছে বেথলেহেমৰ লগতে অন্য পেলেষ্টাইনী চহৰসমূহতো। সংকটজৰ্জৰ অৱস্থাৰ বাবেই বেথলেহেমত বাতিল কৰা হ’ল বৰদিনৰ অনুষ্ঠানৰ। বৰদিন বাতিল হোৱাত কিন্তু আকৌ এবাৰ বৃহৎ ধাক্কা লাগিল বেথলেহেমবাসীৰেই। যুদ্ধই এফালে সংকট আনিছেই আনফালে এই স্থানৰ ৭০ শতাংশ লোকেই বৰদিনলৈকে অপেক্ষা কৰি থাকে। কাৰণ এই সময়তেই তেওঁলোকৰ অৰ্থ উপাৰ্জনৰ উৎকৃষ্ট সময়। পৰ্যটকেৰে এই সময়ত ভৰি পৰে বেথলেহেম। এইবাৰ কিন্তু কোনো দেশৰ পৰ্যটকেই বেথলেহেমলৈ যাবলৈ সাহ কৰা নাই।
এক সূত্ৰৰ খবৰ অনুসৰি ৭০খন হোটেল বলপূৰ্বকভাৱে বন্ধ কৰি দিছে প্ৰশাসনে। ইয়াৰ ফলত কাম হেৰুৱাইছে অসংখ্য লোকে। ইয়াৰ পৰাই আকৌ এবাৰ প্ৰমাণিত হৈছে যুদ্ধ কেতিয়াও কাৰো বাবে সমাধান হ’ব নোৱাৰে। যুদ্ধই কেৱল অন্ধকাৰহে কঢ়িয়াই আনে।
বেথলেহেমৰ ৰাস্তাত যীশু, মেৰিৰ মূৰ্তি বিক্ৰি কৰে ৰণি তাবেশ নামৰ ব্যক্তিজনে। ৰণি তাবেশে এই সন্দৰ্ভত কয়, ‘কমপক্ষেও দুমাহ হৈছে আমি পৰ্যটকৰ মুখ দেখা নাই। আমি যুদ্ধ নিবিচাৰো। আমি শান্তি বিচাৰো। সোনকালেই ইয়ালৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাটো বিচাৰো।’ অন্য এগৰাকী ব্যৱসায়ীয়ে সংবাদ মাধ্যমৰ আগত কৈছে, ‘পূৰ্বৰ তুলনাত আমাৰ বিক্ৰি একেবাৰে শূন্য। আমি শান্তিৰ বাবে প্রাৰ্থনা কৰিছো। বেথলেহেম চহৰ জন্ম হৈছিল শান্তিৰ বাৰ্তা কঢ়িয়াবৰ বাবেই। বেথলেহেমত জন্ম যীশুৱে বিশ্বত শান্তিৰ বাণীকেই বিলাইছিল। আমি বিচাৰিছো যীশুৰ আশীৰ্বাদ যুদ্ধপ্ৰেমীসকলৰ মূৰতো পৰক। তেওঁলোক শান্ত হওক। এই বিশ্বৰ কোনো স্থানতেই আৰু যুদ্ধ নহওক।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















