কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এইবাৰ কৰ্ণাটক হাইকৰ্টত গোচৰ তৰিছে এলন মাস্কৰ মালিকানাধীন ছচিয়েল মিডিয়া এক্সে৷ এই সংস্থাৰ দাবী, ভাৰতীয় আইনৰ এক ধাৰা প্ৰয়োগ কৰি কেন্দ্ৰীয় চৰকাৰে অনলাইনৰ বিষয়বস্তুৰ ওপৰত অবৈধভাৱে নিয়ন্ত্ৰণ আৰু চেন্সৰশ্বিপৰ চেষ্টা কৰিছে৷ ফলত অনলাইনত স্বাধীনভাৱে মতামত ব্যক্ত কৰাৰ বিষয়টো উপেক্ষিত হৈছে যিয়ে কাৰ্যত ছুপ্ৰিম কৰ্টক পৰবৰ্তী ৰায়ৰ বিৰুদ্ধাচৰণ৷
চৰকাৰী কৰ্তৃপক্ষক কোৱাৰ পাছতো কণ্টেন্ট অপসাৰণ বা ব্লক নকৰি দেশৰ তথ্যপ্ৰযুক্তি আইনৰ ভিত্তিত, এক্সৰ দৰে প্লেটফৰ্মসমূহে তেওঁলোকৰ আইনী সুৰক্ষা হেৰুৱাব পাৰে, যি নিৰাপদ আশ্ৰয় হিচাপে পৰিচিত আছিল৷ তথ্যপ্ৰযুক্তি আইনৰ ৭৯(৩ বি) ধাৰাৰ ব্যৱহাৰক চেলেঞ্জ কৰি কেন্দ্ৰৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে এক্সে৷ এই ক্ষেত্ৰত ২০১৫ চনৰ ছুপ্ৰিম কৰ্টৰ এটা ৰায়ৰ কথাও উল্লেখ কৰিছে সংস্থাটোৱে৷
সেই গোচৰত কোৱা হৈছিল, কেৱলমাত্ৰ সঠিক বিচাৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে বা ৬৯ (এ) ধাৰাত নিৰ্দিষ্ট পদ্ধতি অনুসৰি কোনো বিষয়বস্তু ব্লক কৰিব পাৰে৷ কিন্তু কেন্দ্ৰই এই ৬৯(এ) ধাৰাক উলংঘা কৰিছে৷ তথ্যপ্ৰযুক্তি আইনৰ ৬৯(ও) ধাৰাত কোৱা হৈছে যে অনলাইনৰ কোনো বিষয়বস্তু ব্লক কৰাৰ ক্ষমতা আছে চৰকাৰৰ৷ বিষয়বস্তুৰ বাবে জাতীয় নিৰাপত্তা, সাৰ্বভৌমত্ব বা আইনশৃংখলাৰ সমস্যা হব পাৰে বুলি ধাৰণা কৰিলে এই পদক্ষেপ লব পাৰে চৰকাৰে৷ এই প্ৰক্ৰিয়াটোৰ সৈতে তথ্যপ্ৰযুক্তি বিধি ২০০৯ জড়িত৷ যাৰ জৰিয়তে অনলাইনত কোনো বিষয়বস্তু ব্লক কৰাৰ পূৰ্বে এক নিৰ্দিষ্ট নিয়ম মানি চলা জৰুৰী৷
তথ্যপ্ৰযুক্তি আইনৰ ৭৯(৩ বি) ধাৰা অনুসৰি অনলাইনত কোনো বিষয়বস্তু মুছি পেলাব লাগে তেন্তে আদালতৰ নিৰ্দেশ বা চৰকাৰী বিজ্ঞাপ্তিৰ প্ৰয়োজন৷ এই ধাৰাত কোনো পৰ্যালোচনা প্ৰক্ৰিয়াৰ কথা বিশেষভাৱে উল্লেখ নাই৷ চৰকাৰী নিৰ্দেশৰ ৩৬ ঘণ্টাৰ মাজত অনলাইনত সংশ্লিষ্ট বিষয়বস্তু ডিলিট নকৰিলে বিশেষ সংস্থাটো আইনী ৰক্ষাকবচ হেৰুৱাব পাৰে৷ সংস্থাৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰো দাখিল কৰা হব পাৰে৷ এক্সৰ যুক্তি, তথ্যপ্ৰযুক্তি আইনৰ এই ধাৰাত সঠিকভাৱে বাখ্যা কৰা হোৱা নাই৷ যিয়েই নহওক হাইকৰ্টত গোচৰ ইতিমধ্যে ৰুজুও হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ