বিনিয়োগ কিমান বছৰৰ মূৰত দ্বিগুণ হয়? এয়া জনাৰ বাবে এত নিৰ্দিষ্ট ফৰ্মূলা আছে৷ সেই ফৰ্মূলা হৈছে ৰুল অফ ৭২৷ সুদৰ হাৰৰ ওপৰত ভিত্তি কৰি বিনিয়োগ দ্বিগুণ, তিনিগুণ কিমান বছৰৰ মূৰত হ’ব সেয়া গণনা কৰা হয়৷ বজাৰত বিভিন্ন ধৰণৰ বিনিয়োগ বিকল্প আছে৷ বেংক, পোষ্টঅফিচ, চৰকাৰী বণ্ড, শ্বেয়াৰ মাৰ্কে কিংবা মিউছুৱেল ফাণ্ড৷
ইয়াৰ মাজতেই কিছু স্কিমত নিশ্চিত ৰিটাৰ্ণ পোৱা যায়৷ টকাও নিৰাপদে থাকে৷ আৰু কিছু স্কিম বজাৰৰ সৈতে যুক্ত৷ ফলত বজাৰৰ উঠানমাৰ ওপৰত ৰিটাৰ্ণ নিৰ্ভৰ কৰে৷ সুদৰ হাৰ উঠানমা কৰিলে অৰ্থাৎ কোনো বছৰত ১২ শতাংশ হাৰত ৰিটাৰ্ণ যদি কোনো বছৰত ৯শতাংশ হাৰত ৰিটাৰ্ণ৷ এইক্ষেত্ৰত ৰুল অফ ৭২ৰ ফৰ্মূলাই কাম নকৰে৷ একমাত্ৰ ৰিটাৰ্ণ ফিক্সড থাকিলেই কিমান বছৰত বিনিয়োগ দ্বিগুণ হ’ব সেয়া বুজিব পাৰিব৷
ধৰা হওক বিনিয়োগৰাকীয়ে এনে এক স্কিমত বিনিয়োগ কৰিছে য’ত বাৰ্ষিক ১০ শতাংশ হাতৰ সুদ দিয়া হয়৷ এইক্ষেত্ৰত ৰুল অফ ৭২ অনুসৰি বিনিয়োগ দ্বিগুণ হ’বলৈ সময় লাগিব ৭২/১০=৭.২ বছৰ৷ উদাহৰণ হিচাপে ষ্টেট বেংকত ১০ বছৰৰ ফিক্সড ডিপোজিট স্কিমত ৫.৪০ শতাংশ হাৰত সুদ দিছে৷ তেন্তে ৭২/৫.৪০= ১৩.৩ বছৰত বিনিয়োগ দ্বিগুণ হ’ব৷ ইয়াত যদি কোনোৱে প্ৰতি মাহে ৫হাজাৰ টকাকৈ বিনিয়োগ কৰে তেন্তে বাৰ্ষিক ১২ শতাংশ হাৰত ৰিটাৰ্ণ পায় তেন্তে বিনিয়োগ দ্বিগুণ হ’বলৈ কিমান দিন লাগিব?
ৰুল অফ ৭২ অনুসৰি ৬বছৰত বিনিয়োগৰাকীয়ে মাহিলী ৫০০০ কৈ বিনিয়োগ কৰিলে লাভ কৰিব ৫.১৬টকা৷ ইয়াত T=72/R, অৰ্থাৎ Tমানে সময়৷ আৰু Rমানে বাৰ্ষিক সুদৰ হাৰ৷ ৰুল অফ ৭২ৰ মাধ্যমেৰে কিমান বছৰত টকা দ্বিগুণ হ’ব সেয়া জনাৰ ওপৰিও মুদ্ৰাস্ফীতিৰ হিচাপো কৰা হয়৷ গ্ৰাহকে সহজেই বুজিব পাৰিব, ক’ত বিনিয়োগ কৰিলে তেওঁ দ্ৰুত মুনাফা পাব যি মুদ্ৰাস্ফীতিকো হৰুৱাব পাৰে৷ ইয়াৰোপৰি জনসংখ্যা বৃদ্ধি আৰু জিডিপি বৃদ্ধিৰ পৰিমাণো ৰুল অফ ৭২ ফৰ্মূলাৰেই গণনা কৰা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ