• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

4 months ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

14 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

14 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

15 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

16 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

16 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

17 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

17 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

18 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

19 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

19 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

ICCৰ পূৰ্ণাংগ সদস্যৰ দেশসমূহৰ হাছান ৰাজাৰ নামত এই ৰেকৰ্ড

editor by editor
June 26, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজিৰে পৰা টীম ইণ্ডিয়াৰ T20 সংস্কৰণৰ এক নতুন যুগ আৰম্ভণি হ’ব। T20 বিশ্বকাপৰ পিছত এয়া টীম ইণ্ডিয়াৰ প্ৰথমটো T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলা য’ত প্ৰথমবাৰৰ বাবে সূৰ্যকুমাৰ যাদৱৰ স্থানত পূৰ্ণাংগ অধিনায়কৰ দায়িত্ব ল’ব শ্ৰেয়াছ আয়াৰে। টীম ইণ্ডিয়াৰ নিৰ্বাচক মণ্ডলীয়ে দলটোৰ সহ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছে আন এজন যুৱ ক্ৰিকেটাৰ তিলক বৰ্মাক। ইয়াৰ উপৰিও টীম ইণ্ডিয়াৰ ১৫জনীয়া দলটোৰ T20 সংস্কৰণৰ পোছাক প্ৰথমবাৰৰ বাবে পিন্ধিব আন দুজন যুৱ ক্ৰিকেটাৰে। সেয়া হৈছে শ্ৰুয়াংশ শ্ৰেগ্ৰে আৰু প্ৰিন্স যাদৱে। বিগত IPLত আগবঢ়োৱা প্ৰশংসনীয় প্ৰদৰ্শনৰ বাবে এই দুজন ক্ৰিকেটাৰে নিৰ্বাচকৰ পৰা লাভ কৰিছে আমন্ত্ৰণ। কিন্তু শৃংখলাটোৰ মুখ্য আকৰ্ষণ হ’ব  ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী। কেৱল অনুৰাগীয়েই নহয়, প্ৰাক্তন ক্ৰিকেটাৰ, ক্ৰিকেট বিশেষজ্ঞৰ লগতে ব্ৰডকাষ্টাৰৰ দৃষ্টি নিবদ্ধ থাকিব একমাত্ৰ বৈভৱ সূৰ্যবংশীৰ ওপৰত। আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলটোৰ দ্বিতীয় তথা অন্তিমখন মেচো বেলফেষ্টৰ ষ্টৰমণ্ট ষ্টেডিয়ামতেই দেওবাৰে অনুষ্ঠিত হ’ব। শৃংখলাৰ এই দুয়োখন মেচৰ যিকোনো এখনৰে প্লেয়িং ইলিভেনত বৈভৱে স্থান লাভ কৰিলেই শচীন তেণ্ডুলকাৰৰ ভাৰতৰ কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে টীম ইণ্ডিয়াৰ ছিনিয়ৰ দলটোত অভিষেক ঘটোৱা ৰেকৰ্ডটো ভংগ কৰিবলৈ সক্ষম হ’ব। শচীন তেণ্ডুলকাৰে নিজৰ ১৬ বছৰ ২০৫ দিন বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল। পাকিস্তানৰ বিৰুদ্ধে ১৯৮৯ৰ ১৫ নৱেম্বৰত টেষ্ট অভিষেক ঘটাইছিল তেণ্ডুলকাৰে। আজি বৈভৱ সূৰ্যবংশীয়ে ভৰি দিছে ১৫ বছৰ ৯১ দিনত।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা কনিষ্ঠ ক্ৰিকেটাৰ নহয় বৈভৱ
আজি ১৫ বছৰ ৯১ দিনত আন্তঃৰাষ্ট্ৰীয় ছিনিয়ৰ ক্ৰিকেটত অভিষেক ঘটালেও কণিষ্ঠ ক্ৰিকেটাৰৰ ৰেকৰ্ডৰ গৰাকী নহ’ব বৈভৱ সূৰ্যবংশী। বৈভৱতকৈও কম বয়সতে আন্তঃৰাষ্ট্ৰীয় ছিনিয়ৰ ক্ৰিকেটত অভিষেক ঘটাইছিল ৰোমানিয়াৰ এজন ক্ৰিকেটাৰে। ৰোমানিয়াৰ মাৰিয়ান ঘেৰাছিম নামৰ পেচাৰজনে ২০২০ৰ ১৬ অক্টোবৰত বুলগেৰিয়াৰ বিৰুদ্ধে নিজৰ ১৪ বছৰ ১৬ দিন বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাইছিল।
ইপিনে ICCৰ পূৰ্ণাংগ সদস্যৰ দেশসমূহৰ ভিতৰত কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ৰেকৰ্ডৰ গৰাকী হৈছে পাকিস্তানৰ বেটাৰ হাছান ৰাজা। হাছান ৰাজাই নিজৰ ১৪ বছৰ ২৩৩ দিন বয়সত ১৯৯৬ চনৰ ২৪ অক্টোবৰত জিম্বাবুৱেৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটাইছিল। ইয়াৰ ঠিক ৬ দিন পিছতেই জিম্বাবুৱেৰ বিৰুদ্ধেই হাছান ৰাজাই এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটতো অভিষেক ঘটাইছিল।
অৱশ্যে আজি বৈভৱ সূৰ্যবংশীয়ে আন্তঃৰাষ্ট্ৰীয় ছিনিয়ৰ ক্ৰিকেটত অভিষেক ঘটালে T20Iত অভিষেক ঘটোৱা ICCৰ পূৰ্ণাংগ সদস্যৰ দেশসমূহৰ ভিতৰত কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে পৰিগণত হ’ব। সম্প্ৰতি এই ৰেকৰ্ডৰ গৰাকী হৈছে আয়াৰলেণ্ডৰ পেচাৰ জচুৱা লিটিল। লিটিলে ১৬ বছৰ ৩০৯ দিন বয়সত ২০১৬চনৰ ৫ ছেপ্টেম্বৰত হংকঙৰ বিৰুদ্ধে T20Iত অভিষেক ঘটাইছিল। জছুৱা লিটিলে IPLৰ বিগত ছিজনবোৰত গুজৰাট টাইটানছৰ হৈও উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছিল।
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা কনিষ্ঠ ক্ৰিকেটাৰ হিচাপে নিজৰ নাম সন্নিৱিষ্ট কৰিব নোৱাৰিলেও বৈভৱ সূৰ্যবংশীৰ প্ৰদৰ্শনৰ ফলতে ইতিমধ্যে ক্ৰিকেট বিশ্বত সবাটোকৈ চৰ্চিত নামত পৰিণত হৈছে। ক্ৰিকেটৰ অনুৰাগীসকলৰ উপৰিও সাধাৰণ লোকৰ মাজতো এতিয়া বৈভৱ সূৰ্যবংশীয়ে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Vaibhav Sooryavanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
শিক্ষা

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

October 11, 2026
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!
ৰাজনীতি

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

October 11, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
Next Post
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.