তবলাৰ জাদুস্পৰ্শ স্তব্ধ হ’ল৷ দেওবাৰে ছান ফ্ৰান্সিছকোৰ হাস্পতালত শেষ নিঃশ্বাস ত্যাগ কৰিলে কিংবদন্তি তবলাবাদক, সংগীতজ্ঞ, অভিনেতা উস্তাদ জাকিৰ হুছেইন৷ তেওঁৰ প্ৰয়াণৰ খবৰক লৈ নানান বিভ্ৰান্তিও ভাইৰেল হৈছিল৷ সংবাদ সংস্থা পিটিআই য়ে জনাইছে যে তবলাবাদক জাকিৰ হুছেইন আৰু নাই৷
জাকিৰ হুছেইনৰ ঘনিষ্ঠমহলৰ সূত্ৰই জনাইছে যে, দীৰ্ঘদিন ধৰি ৰক্তচাপজনিত সমস্যাত ভূগি আছিল জাকিৰ৷ হৃদযন্ত্ৰৰ সমস্যাই দেখা দিয়াত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ জাকিৰৰ শাৰীৰিক পৰিস্থিতিৰ অৱনতিৰ খবৰ পাই দেশ বিদেশত থকা অনুৰাগীয়ে তেওঁৰ সুস্থতা কামনাৰ প্ৰাৰ্থনাও কৰিছিল৷ কিন্তু সেই সকলো প্ৰাৰ্থনাক ব্যৰ্থ কৰি শেষ নিঃশ্বাস ত্যাগ কৰিলে তেওঁ৷
১৯৫১ চনত মুম্বাইত জন্ম জাকিৰৰ৷ তেওঁৰ পিতৃ উস্তাদ আল্লা ৰাখাও আছিল প্ৰখ্যাত তবলাবাদক৷ ভাৰত চৰকাৰৰ পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ সন্মানেৰে ভূষিত হৈছিল তেওঁ৷ মাত্ৰ ৩বছৰ বয়সৰ পৰা তেওঁ তবলাৰ যাত্ৰা আৰম্ভ হৈছিল৷ ৭বছৰ বয়সৰ পৰাই মঞ্চত একক অনুষ্ঠান কৰিছিল তেওঁ৷
২০২৪ চনত জাকিৰৰ হাতত ধৰি ভাৰতলৈ আহিছিল গ্ৰেমি পুৰস্কাৰ৷ বেষ্ট গ্লবেল মিউজিক এলবাম, হিচাপে পুৰস্কৃত হয় ভাৰতীয় ব্ৰেণ্ড ‘শক্তি’ৰ গানৰ এলবাম ‘দিছ মোমেণ্ট’ত৷ বৰ্তমান শক্তি ব্ৰেণ্ডৰ প্ৰধান কণ্ঠশিল্পী শংকৰ মহাদেৱন৷ তবলাবাদক হিচাপে আছে জাকিৰ৷ বেহালাত গণেশ ৰাজাগোপালন আৰু অন্য তালবাদ্যত ভি ছেলভাগণেশ৷ গীটাৰত জন মেকলকলিন৷ ২০২৩চনৰ ৩০ জুন ‘দিছ মোমেণ্ট’ এলবামটোৱে মুক্তি পায়৷ মুঠ ৮টা ট্ৰেক আছে এই এলবামত৷
সোমবাৰে পুৱা (ভাৰতৰ সময় অনুসৰি) ছান ফ্ৰান্সিস্কোৰ এখন চিকিৎসালয়ত মৃত্যু হয় বিখ্যাত তবলাবাদক জাকিৰ হুছেইনৰ। পিটিআইৰ প্ৰতিবেদন অনুসৰি সোমবাৰে তেওঁৰ পৰিয়ালে এই তথ্য প্ৰদান কৰে। হুছেইনৰ পৰিয়ালে জনোৱা মতে, ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছৰ জটিলতাৰ বাবে তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ৷ দুসপ্তাহ ধৰি তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। পিছলৈ তেওঁক আই চি ইউলৈ লৈ যোৱা হয় যদিও সুস্থ কৰি তুলিব পৰা নগ’ল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ