মহামান্য আদালতত আজি দাখিল কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট৷ SIT টিমে দাখিল কৰিলে এই চাৰ্জশ্বীট৷ চাৰিটা বাকচত লৈ যোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত সকলো তথ্যপ্ৰমাণ৷ এই তথ্যপ্ৰমাণেই ন্যায়ৰ পথ সুগম কৰিব জুবিন গাৰ্গৰ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো স্পষ্ট ভাষাৰেই কিছুদিন পূৰ্বে কৈছে যে জুবিন গাৰ্গক হত্যাই কৰা হৈছে৷ এই হত্যাৰ আঁৰত আছে এজন ব্যক্তি আৰু বাকীসকলে সহায় কৰি দিছে৷ এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ৷ ইতিমধ্যেই ৮৪ দিনৰ পাছত আজি মহামান্য আদালতৰ হাতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট৷ এই চাৰ্জশ্বীট চায়েই মহামান্য আদালতে ন্যায় প্ৰদান কৰিব অসমীয়াৰ প্ৰাণৰ জুবিনক৷ পৰিয়ালৰ লোকেও তেওঁলোকৰ মত জনাই পূৰ্বেই কৈছিল যে, মহামান্য আদালতৰ ওপৰত তেওঁলোকৰ আস্থা আছে৷ ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই৷
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুয়ে জোঁকাৰি যোৱা অসমবাসীয়েও খুবেই আশাৰে এই ন্যায়ৰ অপেক্ষা কৰিছে৷ জুবিন গাৰ্গ কোনো সাধাৰণ ব্যক্তি নহয় সেয়ে তেওঁৰ এই ৰহস্য মৃত্যুৰ সঠিক তদন্ত নহলে অসমবাসীও হতাশ হৈ পৰিব৷ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলোৱা চিআইডি দলে আজি ১৮/২৫ নম্বৰৰ গোচৰটোৰ চাৰ্জশ্বীচ আদালতত দাখিল কৰিলে৷ এই চাৰ্জশ্বীট দাখিলৰ লগে লগেই অন্ত পৰিল ন্যায়ধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠিত ন্যায়িক তদন্ত আয়োগৰ ৰাজহুৱা সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















