জুবিন গাৰ্গৰ ৰহস্যমৃত্যুত নাম সাঙোৰ খোৱা সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, দুই PSO ক্ৰমে বৈশ্য আৰু বৰা বাক্সা কাৰাগাৰত বৰ্তমান কাৰাৰুদ্ধ হৈ আছে৷ এই ৫ অভিযুক্তক কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত বাক্সা কাৰাগাৰৰ সন্মুখত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ এই অপ্ৰীতিকৰ পৰিস্থিতিক লৈ বিভিন্ন মহলত চৰ্চাও হৈছিল৷ শেহতীয়াকৈ বাক্সাত স্থানীয় বাসিন্দাই এনে অপ্ৰীতিকৰ পৰিস্থিতি আৰু যাতে দ্বিতীয়বাৰৰ বাবে নহয় তাৰবাবে গ্ৰহণ কৰিছে বিশেষ সিদ্ধান্ত৷ বাক্সা কাৰাগাৰত কাৰাৰুদ্ধ ৫ অভিযুক্তক নিৰাপত্তা প্ৰদান কৰিব বাক্সাৰ স্থানীয় লোকে৷ ১৫ অক্টোবৰত সংঘটিত ঘটনাৰ পুনৰাবৃত্তি আকৌ যাতে কাহানিও নহয় তাৰবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে স্থানীয় জনতাই৷
১৬ ডিচেম্বৰ অৰ্থাৎ আজি জুবিন গাৰ্গৰ ৰহস্যমৃত্যুৰ প্ৰথম শুনানি৷ সেয়ে চাৰ্জশ্বীটৰ কপি পেন ড্ৰাইভত লৈ SITৰ দল ইতিমধ্যেই বাক্সা কাৰাগাৰত উপস্থিত হৈছে৷ দুখনকৈ বাহনেৰে বাক্সা কাৰাগাৰত প্ৰৱেশ কৰিছে SITৰ বিশেষ দল৷ কাৰণ নিৰাপত্তাজনিত কাৰণত সোঁশৰীৰে বাক্সা কাৰাগাৰৰ পৰা ওলিয়াই আনি আদালতত হাজিৰ কৰিব পৰা হোৱা নাই আটাইকেইটা অভিযুক্তক৷ সেয়ে ভাৰ্ছুৱেলী হাজিৰ কৰোৱা হৈছে আটাইকেইটা অভিযুক্তক৷ নিৰাপত্তাৰ প্ৰসংগ উত্থাপন হোৱাৰ পাছতেই বাক্সাৰ স্থানীয় জনতাই নিজাববীয়াকৈ এই তদন্তত সহযোগ কৰাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
ন্যায়ালয়ৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখি সকলো আগবাঢ়িব লাগিব বুলিও স্থানীয় জনতাই নিজাববীয়াকৈ জনাই গ্ৰহণ কৰিছে অভিযুক্তক নিজেই নিৰাপত্তা দিয়াৰ সিদ্ধান্ত৷ আদালতত যাতে আটাইকেইটা অভিযুক্তকে সোঁশৰীৰে পাছৰ শুনানিসমূহত লৈ যাব পাৰে তাৰবাবে নিৰাপত্তা দিয়া হ’ব বুলিও তেওঁলোকে নিজাববীয়াকৈ জনাইছে আৰক্ষীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















