ন্যায়ৰ বাবে অতি আশাৰে ৰৈ আছে প্ৰতিজন অসমীয়া৷ অৰ্থাৎ অসমৰ প্ৰত্যেকঘৰ মানুহৰ চকু আজি SITয়ে দাখিল কৰিবলগীয়া চাৰ্জশ্বীটত৷ কাৰণ এই ন্যায় কোনো সাধাৰণ ব্যক্তিৰ নহয়৷ এই ন্যায় হ’ব অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ৷ কেনেকৈ ছিংগাপুৰত প্ৰাণ হেৰুৱালে জুবিন গাৰ্গে সেই প্ৰশ্ন ৰাজ্যবাসীৰ মনত৷ আৰু সেই প্ৰশ্নৰেই উত্তৰ হয়তো দিব এই চাৰ্জশ্বীটেই৷ আদালতত আজি ১১ বজাৰ লগে লগেই SITয়ে দাখিল কৰিব চাৰ্জশ্বীট৷
ইতিমধ্যেই আদালত অভিমুখে ৰাওনা হৈছে মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত থকা বিশেষ এছ আই টি দলে৷ ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীট ইতিমধ্যেই সাজু কৰি তুলিছে এছ আই টি দলে৷ সেই চাৰ্জশ্বীটেই আদালতত দাখিল কৰিব এছ আই টি দলে৷ এছ আই টিৰ চাৰ্জশ্বীটেই নিশ্চিত কৰিব জুবিন গাৰ্গে সঁচাকৈয়ে ন্যায় পাবনে?
১৯ ছেপ্টেম্বৰৰ দিনটোক হয়তো অসমবাসীয়ে কাহানিও পাহৰিব নোৱাৰিব৷ সেই দিনটোৰ পৰাই প্ৰতিজন অসমীয়াৰ বুকুত একুৰা জুই জ্বলি আছে৷ এই জুই জুবিন গাৰ্গক হেৰুৱাই দিকবিদিক হেৰুওৱাই পেলোৱা প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে জ্বলি আছে৷ কেনেকৈ এনেকৈ অসমীয়াক নিথৰুৱা কৰিব পাৰে জুবিনে? এনেকৈ ইমান সোনকালে জুবিন গাৰ্গক হেৰুৱাই পেলোৱাৰ কল্পনা অসমীয়াই কৰা নাছিল৷ হাঁহি হাঁহি ঘৰৰ পৰা ছিংগাপুৰ অভিমুখে ওলাই যোৱা জুবিন গাৰ্গে অসমীয়াক দি গৈছিল উভতি অহাৰ প্ৰতিশ্ৰুতি৷ থৈ গৈছিল বহু আধৰুৱা কাম৷ কাৰণ তেওঁ উভতি অহাৰ কথা আছিল৷ নাই জুবিন গাৰ্গ আৰু কায়িকভাৱে উভতি নাহিল৷ অসমীয়াই মিৰাকল আশা কৰিছিল৷ জুবিন গাৰ্গে ঘেণ্টা খাতিৰ নকৰো বুলি মৃত্যুক প্ৰত্যাহ্বান জনাব বুলি আশা কৰিছিল অসমবাসীয়ে কিন্তু জুবিন গাৰ্গ উভতি আহিল এটা কফি ৰঙৰ কফিনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















