অসম লাইভ ২৪ঃ পূব লাডাখ, উত্তৰাখণ্ড সীমান্তৰ পাছত এইবাৰ চীনৰ চকু অৰুণাচল সীমান্তত। চোৰাংচোৱাৰ তথ্য অনুসৰি অৰুণাচল সীমান্তত সৈন্য সঞ্চালন বৃদ্ধি কৰিছে চীনে। হেলিপেড নিৰ্মাণ কৰিছে সীমান্তৱৰ্তী এলেকাত। অৰুণাচলৰ সোৱণশিৰি এলেকাৰ ঠিক মুখামুখিকৈ থকা তিব্বতৰ লুংগত চীনা সৈন্যই হেলিপেড তৈয়াৰ কৰিছে। তদুপৰি ড্ৰ’ন কেমেৰাৰে ভাৰতৰ ভূখণ্ডৰ ওপৰত নজৰ ৰাখিছে চীনা সৈন্যই। উল্লেখ্য, তেজপুৰৰ সেনাৰ ফ’ৰ কৰ্পছত আজি সেনাপ্ৰধান এম এম নৰৱনে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। পৰিস্থিতি চম্ভালি ল’বলৈ ভাৰতীয় সেনা সাজু থকাৰ নিৰ্দেশ দিয়ে সেনাপ্ৰধানগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ