অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ কানপুৰত ৮ গৰাকী আৰক্ষী জোৱানক গুলীয়াই হত্যা কৰা গেংষ্টাৰ বিকাশ ডুবে আজিও পলাতক। কিন্তু শেহতীয়াকৈ কুখ্যাত বিকাশ ডুবেৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে। CCTV কেমেৰাত বন্দী হৈছে বিকাশ ডুবেৰ চাল-চলনৰ দৃশ্য। ফৰিদাবাদত বিকাশ ডুবেৰ উপস্থিতি ধৰা পৰিছে। এখন হোটেলত কোঠা বিচাৰি যোৱাৰ সময়ত CCTV কেমেৰাত বন্দী হয় বিকাশ ডুবে নামৰ কুখ্যাত অপৰাধীটো। কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই বিকাশ ডুবে।
কোন এই বিকাশ ডুবে?
বিকাশ ডুবেৰ ৫৫ বছৰীয়া জীৱন কালত আছে ৬০টাৰো অধিক গোচৰ। আৰক্ষীৰ মূৰৰ কামোৰণি হৈ উঠা বিকাশ ডুবে আঞ্চলিক পর্যায়ৰ ৰাজনীতিকো। শিৱৰাজপুৰৰ পৰা নগৰ পঞ্চায়ত নির্বাচনত জয়ী হৈছিল বিকাশ ডুবে। কাৰাগাৰত থাকি নির্বাচনী যুঁজত অৱতীর্ণ হৈ বিজয় সাব্যস্ত কৰিছিল বিকাশ ডুবে। তদুপৰি তেওঁৰ পত্নী ৰিচা ডুবে জিলা পৰিষদৰ সদস্য।এগৰাকী সাধাৰণ কৃষকৰ পুত্ৰ কুখ্যাত বিকাশ ডুবে। ডুবেৰ ঘৰ উত্তৰ প্ৰদেশৰ কানপুৰ দেহাত জিলাত।পৰিয়ালটোৰ চাৰিজন ককাই-ভাইৰ আটাইকেইজনে কুখ্যাত অপৰাধী। বিকাশ ডুবেৰ ভাতৃ অতুল, দীপু আৰু সঞ্জয়ৰ বিৰুদ্ধেও আছে বহু গোচৰ। বিকাশ ডুবেৰ দুই পুত্ৰ বিদেশত অধ্যয়নৰত। এজন পুত্ৰ MBBSৰ ছাত্ৰ।
অপৰাধী বিকাশ ডুবে
৬০ টাৰো অধিক গোচৰত অভিযুক্ত বিকাশ ডুবে। জেলত থাকিয়ে নিজৰ সম্পর্কীয় ভাতৃ অনুৰাগক হত্যাৰ ষড়যন্ত্ৰ ৰচিব পৰা বিকাশ ডুবেয়ে ২০০১ চনত শিৱালী থানাৰ ভিতৰতে হত্যা কৰিছিল বিজেপিৰ ৰাজ্যিক মন্ত্ৰী সন্তোষ শুক্লাক। অথচ এই সন্দর্ভত মুখ খুলিবলৈ ভয় কৰে স্বয়ং আৰক্ষীয়ে। ইয়াৰ পাছত যোৱা বৃহস্পতিবাৰে মাজনিশা ৮ গৰাকী পুলিচ কর্মীক হত্যা কৰে বিকাশ ডুবেয়ে। কুখ্যাত অপৰাধীটোক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে বিকাশ ডুবে বাহিনী।
আৰক্ষীয়ে কি কৰিছে?
কুখ্যাত অপৰাধী বিকাশ ডুবেক ধৰিবলৈ এই পর্যন্ত সক্ষম হোৱা নাই আৰক্ষী। বৃহস্পতিবাৰৰ ঘটনাৰ পাছত আৰক্ষীয়ে অভিযান চলাই ভাঙি পেলায় কানপুৰৰ বিকাৰু গাঁৱত থকা বিকাশ ডুবেৰ ঘৰ তথা বিলাসী বাহন। জব্দ কৰে অপৰাধীটোৱে ব্যৱহাৰ কৰা বাহন। তদুপৰি যিখন জেচিবিৰে ৰাস্তা ভেটি আৰক্ষীৰ দলৰ ওপৰত বিকাশ ডুবে বাহিনীয়ে আক্ৰমণ সংঘটিত কৰিছিল, সেই জেচিবিখন ভাঙি পেলাইছে আৰক্ষীয়ে। ইয়াৰ উপৰি গেংষ্টাৰটোৰ সৈতে সম্পর্ক থকা কেবাজনকো আটক কৰিছে আৰক্ষীয়ে। শেহতীয়াকৈ বিকাশ ডুবেৰ সোঁহাতস্বৰূপ অমৰ ডুবেক মঙলবাৰে গুলীয়াই হত্যা কৰে আৰক্ষীয়ে। আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’র্চৰ অভিযানত নিহত হয় অমৰ ডুবে। আৰক্ষীয়ে ২৫ হাজাৰ টকা অমৰ ডুবেৰ মূৰৰ দাম ঘোষণা কৰিছিল। আনহাতে বিকাশ ডুবেৰ মূৰৰ দাম আৰক্ষীয়ে ২.৫ লাখ টকা ঘোষণা কৰিছে। তদুপৰি বিকাশ ডুবেক কৰায়ত্ত কৰাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ২৫ টা বিশেষ গোট গঠন কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ