অসম লাইভ ২৪ঃ ক’ৰোনা ভাইৰাছৰ সমান্তৰালভাৱে ভেকচিন প্ৰদান কার্যসূচী আৰম্ভ হৈছে। নতুন বছৰত ভাৰতীয়ই ক’ৰোনাৰ ভেকচিন উপহাৰ স্বৰূপে পাইছে। ক’ৰোনাৰ টীকাকৰণ অভিযান আৰম্ভ হৈছে ভাৰতত। সমগ্ৰ দেশৰ ৭০০ খন জিলাত ড্ৰাইৰান চলি আছে। আৰু ইয়াৰ মাজতে ক’ৰোনাৰ ভেকচিন ল’লে বলীউডৰ প্ৰথম অভিনেত্ৰী শিল্পা চিৰোদগাৰে। ক’ৰোনাৰ ভেকচিন লোৱা ভাৰতৰ প্ৰথম মহিলা অভিনেত্ৰী হ’ল শিল্পা চিৰোগদাৰ। বলীউডৰ সৰু পর্দাৰ ভিন্ন চৰিত্ৰত অভিনয় কৰিছে শিল্পাই। ক’ৰোনাৰ ভেকচিন লৈ ইনষ্টাগ্ৰামত তেওঁৰ ফটো শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। শিল্পাৰ এই ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শিল্পাৰ বাদে আন কোনো অভিনেত্ৰীয়ে এতিয়ালৈকে ক’ৰোনা ভেকচিন লোৱা নাই। শিল্পাই ডুবাইত ক’ৰোনাৰ ভেকচিন লয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ