অসম লাইভ ২৪ঃ দলবিৰোধী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত দল পৰা নিলম্বিত হ’ল ৩ গৰাকী বিধায়কক। RJDৰ পৰা বিতাড়িত হ’ল বিধায়ক মহেশ্বৰ যাদৱ, ফৰাজ ফাটমি আৰু প্ৰেমা চৌধুৰী। তিনিওগৰাকীকে দলবিৰোধী কার্যকলাপৰ অভিযোগত RJDয়ে ৬ বছৰৰ বাবে দলৰ পৰা নিলম্বন কৰিছে। বিহাৰ বিধানসভা নির্বাচনলৈ কিছুদিন বাকী থকাৰ সময়ত RJDয়ে গ্ৰহণ কৰা এই কঠোৰ স্থিতিয়ে জোকাৰি গৈছে ৰাজ্যখনৰ ৰাজনীতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ