অসম লাইভ ২৪ঃ সোমবাৰে আমেৰিকাৰ নিউজার্চিত শেষ নিশ্বাস ত্যাগ কৰে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অন্যতম পণ্ডিত যশৰাজে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ। মহান এই সংগীত শিল্পীৰ শেষকৃত্য বিদেশৰ মাটিত নহয়, হ’ব তেওঁৰ জন্মভূমিতে। মঙলবাৰে পণ্ডিত যশৰাজৰ নাতিনী সংগীত শিল্পী শ্ৰেতা পণ্ডিতে জনাইছে শেষকৃত্যৰ বাবে যশৰাজৰ নশ্বৰ দেহ ভাৰতলৈ অনা হ’ব। ২০ আগষ্টত মুম্বাইত উপস্থিত হ’ব তেওঁৰ নশ্বৰ দেহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















