অসম লাইভ ২৪ঃ ‘কা’ আন্দোলনৰ বাবেই বিগত ৭ মাহে অখিল গগৈসহ কেইবাজনো আন্দোলনকাৰীক চৰকাৰে আক্ৰোশমূলকভাৱে বন্দী কৰি ৰখাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ। চ’চিয়েল মিডিয়া তথা ৰাজপথত বিভিন্ন আন্দোলন চলি থকাৰ মাজতেই অখিল গগৈসহ কা-আন্দোলনৰ বন্দীসকলক মুক্তিৰ দাবীত বুধবাৰে ২৪ ঘণ্টীয়া অনশনত বহিল চি পি আই (এম এল) নেতা বিবেক দাস। মূলত: অখিল গগৈসহ কা-আন্দোলনকাৰীৰ মুক্তি আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত বিশ্বনাথৰ বিহালীত অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে বিশিষ্ট বামপন্থী নেতাগৰাকীয়ে। অনশনস্থলীত ছাত্ৰ মুক্তি, কৃষক মুক্তিসহ কেইবাটাও দল সংগঠনৰ নেতৃত্ব উপস্থিত হৈ অনশন কাৰ্যসূচীলৈ নৈতিক সমৰ্থন আগবঢ়ায়। উল্লেখ্য যে টিংখাঙৰ ৰাজগড়তো অখিল গগৈসহ কা-আন্দোলনকাৰী বন্দীৰ মুক্তিৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই(এম এল) নেতা বলীন্দ্ৰ শইকীয়া আৰু বিতোপন বকলীয়ালে। দলটোৱে তিনিচুকীয়া, ডিব্ৰুগড়, কলিয়াবৰ, ৰহা, যোৰহাট, গুৱাহাটী আদি ঠাইত আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰে।
ক’ৰনাৰ সময়ছোৱাত অসমৰ কাৰাগাৰসমূহ কিদৰে অবৰ্ণনীয় দুৰৱস্থাত আছে সেই বিষয়ে বৰ্ণনা কৰি মানৱ অধিকাৰ আয়োগলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে চি পি আই(এম এল)ৰ অসম ৰাজ্যিক সমিতিৰ হৈ বিবেক দাস আৰু পংকজ কুমাৰ দাসে। স্মাৰকপত্ৰত সামাজিক দূৰত্বৰ নামত যে অসমৰ কাৰাগাৰসমূহত অৰাজকতা আৰু ভেঁকো-ভাওনা চলি আছে আৰু পদে পদে কয়দী তথা হাজোতীসকলৰ মানৱ অধিকাৰ ভংগ হৈ আছে সেই বিষয়ে বিস্তৃত অভিযোগ দাঙি ধৰে দলটোৱে। অনতিপলমে কেন্দ্ৰীয় চৰকাৰে ক’ভিড ১৯ প্ৰতিৰোধৰ বাবে নিৰ্দেশ দিয়া সামাজিক দূৰত্বসহ গাইড লাইনসমূহ ভংগ কৰা বিষয়াৰ বিৰুদ্ধে আইনী পদক্ষেপৰ অনুমোদন দিয়াৰ বাবে স্মাৰকপত্ৰত দাবী জনোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ