• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহালীত অনশনত বহিল ‘কা’ বিৰোধী নেতা বিবেক দাস

বিহালীত অনশনত বহিল ‘কা’ বিৰোধী নেতা বিবেক দাস

6 years ago
মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

মাজত মাত্ৰ কেইটামান দিন, জুন মাহত একাধিক শুভ যোগ, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ

3 minutes ago
খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

খজুৱতি, ঘাম, আৰু উফি… গ্ৰীষ্মকালত সহজে কৰক চুলিৰ সমস্যা দূৰ

1 hour ago
ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

ভুলতো এইসকল লোকে খাব নালাগে চজিনা! কৰিব পাৰে অপকাৰ

2 hours ago
কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

কুকুৰপ্ৰেমীৰ আৱেদন নাকচ, বাটৰুৱা কুকুৰ আঁতৰোৱাৰ আদেশ বাহাল উচ্চতম ন্যায়ালয়ৰ

3 hours ago
২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

২০ মে’ত দেশৰ মেডিকেল ষ্ট’ৰৰ ধৰ্মঘট, ঔষধৰ বাবে হ’ব নেকি হাহাকাৰ?

3 hours ago
চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

চিকেন নেক কি? কেন্দ্রীয় চৰকাৰৰ হাতত গতাই দিলে দেশৰ কি উপকাৰ হ’ব?

4 hours ago
বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

বিবস্ত্ৰ হৈ শোৱাৰ অভ্যাস? এয়া ভাল নে বেয়া ক’লে বিশেষজ্ঞই

5 hours ago
আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

আধাৰ কাৰ্ডৰ আহিছে ডাঙৰ আপডেট, সময়ৰ পূৰ্বে কৰক ঠিক!

5 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

6 hours ago
অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

অত্যাধিক কথা কোৱা আৰু ভুল বুজাবুজিৰ বাবে বিপদত পৰে ৬ ৰাশিৰ লোক!

7 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

8 hours ago
অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

অসুস্থ প্ৰেমানন্দ মহাৰাজ, অনিৰ্দিষ্টকাললৈ স্থগিত পদযাত্ৰা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিহালীত অনশনত বহিল ‘কা’ বিৰোধী নেতা বিবেক দাস

মানৱ অধিকাৰ আয়োগলৈ স্মাৰকপত্ৰ

editor by editor
July 16, 2020
in অসম
0
বিহালীত অনশনত বহিল ‘কা’ বিৰোধী নেতা বিবেক দাস
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ‘কা’ আন্দোলনৰ বাবেই বিগত ৭ মাহে অখিল গগৈসহ কেইবাজনো আন্দোলনকাৰীক চৰকাৰে আক্ৰোশমূলকভাৱে বন্দী কৰি ৰখাৰ বিৰুদ্ধে ৰাজ‍্যজুৰি অব‍্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ। চ’চিয়েল মিডিয়া তথা ৰাজপথত বিভিন্ন আন্দোলন চলি থকাৰ মাজতেই অখিল গগৈসহ কা-আন্দোলনৰ বন্দীসকলক মুক্তিৰ দাবীত বুধবাৰে ২৪ ঘণ্টীয়া অনশনত বহিল চি পি আই (এম এল) নেতা বিবেক দাস। মূলত: অখিল গগৈসহ কা-আন্দোলনকাৰীৰ মুক্তি আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত বিশ্বনাথৰ বিহালীত অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে বিশিষ্ট বামপন্থী নেতাগৰাকীয়ে। অনশনস্থলীত ছাত্ৰ মুক্তি, কৃষক মুক্তিসহ কেইবাটাও দল সংগঠনৰ নেতৃত্ব উপস্থিত হৈ অনশন কাৰ্যসূচীলৈ নৈতিক সমৰ্থন আগবঢ়ায়। উল্লেখ‍্য যে টিংখাঙৰ ৰাজগড়তো অখিল গগৈসহ কা-আন্দোলনকাৰী বন্দীৰ মুক্তিৰ দাবীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে চি পি আই(এম এল) নেতা বলীন্দ্ৰ শইকীয়া আৰু বিতোপন বকলীয়ালে। দলটোৱে তিনিচুকীয়া, ডিব্ৰুগড়, কলিয়াবৰ, ৰহা, যোৰহাট, গুৱাহাটী আদি ঠাইত আন্দোলনৰ কাৰ্যসূচীও গ্ৰহণ কৰে।

বিভিন্ন দল-সংগঠনৰ বিবেক দাসলৈ সমর্থন

ক’ৰনাৰ সময়ছোৱাত অসমৰ কাৰাগাৰসমূহ কিদৰে অবৰ্ণনীয় দুৰৱস্থাত আছে সেই বিষয়ে বৰ্ণনা কৰি মানৱ অধিকাৰ আয়োগলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে চি পি আই(এম এল)ৰ অসম ৰাজ্যিক সমিতিৰ হৈ বিবেক দাস আৰু পংকজ কুমাৰ দাসে। স্মাৰকপত্ৰত সামাজিক দূৰত্বৰ নামত যে অসমৰ কাৰাগাৰসমূহত অৰাজকতা আৰু ভেঁকো-ভাওনা চলি আছে  আৰু পদে পদে কয়দী তথা হাজোতীসকলৰ মানৱ অধিকাৰ ভংগ হৈ আছে সেই বিষয়ে বিস্তৃত অভিযোগ দাঙি ধৰে দলটোৱে। অনতিপলমে কেন্দ্ৰীয় চৰকাৰে ক’ভিড ১৯ প্ৰতিৰোধৰ বাবে নিৰ্দেশ দিয়া সামাজিক দূৰত্বসহ গাইড লাইনসমূহ ভংগ কৰা বিষয়াৰ বিৰুদ্ধে আইনী পদক্ষেপৰ অনুমোদন দিয়াৰ বাবে স্মাৰকপত্ৰত দাবী জনোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assam live 24axom live 24Bibek Das Hunger strikeCPIML AssamLeft front Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ
অসম

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

May 13, 2026 - Updated on May 15, 2026
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
অসম

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

May 12, 2026
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে
অসম

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

May 12, 2026
Next Post
অখিল গগৈৰ জামিন সন্দৰ্ভত কি ক’লে অধিবক্তাই?

অখিল গগৈৰ জামিন সন্দৰ্ভত কি ক'লে অধিবক্তাই?

৩৭ বছৰত ভৰি দিলে কেটৰীনাই

৩৭ বছৰত ভৰি দিলে কেটৰীনাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.