প্ৰাক্তন মিছ পুনে তৃষা শৰ্মাৰ মৃত্যুক লৈ আজিও দেশজুৰি অব্যাহত আছে চৰ্চা৷ গোচৰৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে৷ এই পৰিস্থিতিক লৈ মুখ খুলিছে তৃষাৰ স্বামী সমৰ্থ সিঙে৷ সমৰ্থ সিঙে দাবী কৰিছে যে তৃষাৰ গৰ্ভপাতৰ পাছৰে পৰাই তেওঁলোকৰ সম্পৰ্ক ভালে নাছিল৷ তিক্ততা আহিছিল সম্পৰ্কৰ মাজলৈ৷ কেৱল সেয়াই নহয় পত্নী তৃষাক সমৰ্থে এককালীন ৭লাখ টকাও দিছিল৷ কিন্তু কি কাৰণে বিপুল পৰিমাণে অৰ্থ দিয়া হৈছিল সেই কথা স্পষ্টকৈ কোৱা নাই সমৰ্থ সিঙে৷
বিবাহৰ মাত্ৰ ৫মাহৰ ভিতৰতেই ভোপালত শহুৰেকৰ ঘৰত তৃষাৰ ওলমি থকা দেহ উদ্ধাৰ হয়৷ প্ৰথমে এই মৃত্যুক লৈ বিশেষ গুৰুত্ব দিয়া নহ’লেও পাছত এই মৃত্যু যে মুঠেও স্বাভাৱিক নহয় তাকে লৈ সন্দেহ ওপজে তৃষাৰ পৰিয়ালৰ৷ তৃষা সাধাৰণ এগৰাকী হাউছ ৱাইফ নাছিল৷ প্ৰথমে বিবিএ, তাৰপিছত এম বি এ কৰাৰ পাছত মুম্বাই আৰু দিল্লীৰ দুটাকৈ সংস্থাত চাকৰিও কৰিছিল তৃষাই৷ তাৰমাজতে মডেল হিচাপে বিভিন্ন সুন্দৰী প্ৰতিযোগীতাত তেওঁ অংশগ্ৰহণো কৰিছিল৷ মিছ পুনে খিতাপো তেওঁ অৰ্জন কৰিছিল৷ এখন তেলেগু ছবিতো তৃষাই কাম কৰিছিল অভিনেত্ৰী হিচাপে৷ ২০২৪ চনত এটা ডেটিং এপ সূত্ৰে আলাপ হয় পেছাত আইনজীৱী সম্ৰাট সিঙৰ সৈতে৷ ২০২৫ চনৰ ডিচেম্বৰত দুয়োৰে বিবাহ সম্পন্ন হয়৷ এই বিবাহেই যেন মৃত্যুদূত হৈ আহিল তৃষাৰ বাবে৷ বিবাহৰ কিছুদিন পাছতেই সলনি হৈ পৰে তৃষাৰ জীৱন৷
কেইমাহমান পূৰ্বে তৃষাই মাতৃৰ ওচৰত কাতৰ অনুৰোধ জনাইছিল যে ভোপালৰ শহুৰেকৰ ঘৰ এৰি নয়ডাত থকা নিজৰ ঘৰলৈ তৃষা ওভতি যাব খোজে৷ একাধিক মেছেজ কৰিছিল তৃষাই মাতৃলৈ৷ তাতেই তেওঁ ইংগিত দিছিল যে মানসিক নিৰ্যাতনৰ চিকাৰ হৈছে তৃষা৷ আনকি ঘৰলৈ যাবলৈ টিকট কৰি দিবলৈ মাতৃক অনুৰোধো কৰিছিল তৃষাই৷ শেষ পৰ্যন্ত মাতৃৰ কাষলৈ তৃষা যাব নোৱাৰিলে৷ ভোপালতেই শেষ হৈ গ’ল তৃষাৰ জীৱন৷
ভোপালৰ আৰক্ষী কমিছনাৰ সঞ্জয় কুমাৰে জনাইছে যে তৃষাই নিজেই নিজকে শেষ কৰিছে৷ মৰোণোত্তৰ ৰিপৰ্টত স্পষ্ট যে ডিঙিত দুখ পোৱাৰ বাবেই তৃষাৰ মৃত্যু হৈছে৷ কিন্তু তৃষাৰ মাতৃ আৰু পিতৃয়ে দাবী কৰিছে যে শহুৰেকৰ ঘৰৰ মানসিক যন্ত্ৰণাৰ মাজতে তৃষাই শাৰিৰীক অত্যাচাৰৰ বলি হৈছিল৷ যৌতুক বিচাৰি অত্যাচাৰ কৰাৰ অভিযোগো আনিছে তৃষাৰ পিতৃ-মাতৃয়ে৷
ইফালে সমৰ্থ আৰু তেওঁৰ পৰিয়ালৰ দাবী, বিবাহৰ কিছুদিন পাছৰে পৰাই তৃষাৰ আচৰণ অস্বাভাৱিক হৈ উঠে৷ তৃষাৰ মৃত্যুত তেওঁলোকৰ কোনো ভূমিকা নাই৷ প্ৰায় ১০ দিন ধৰি পলাতক থকাৰ পাছত সম্প্ৰতি জৱলপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তৃষাৰ স্বামীক৷ জেৰাত সমৰ্থই কৈছে যে বিবাহৰ পাছত প্ৰথম কেইমাহমান তৃষাৰ সৈতে সম্পৰ্ক স্বাভাৱিকেই আছিল৷ কিন্তু তৃষাই যেতিয়া জানিব পাৰে যে তেওঁ গৰ্ভৱতী তেতিয়াৰে পৰা তেওঁলোকৰ সম্পৰ্কই অন্য মোৰ লয়৷ তৃষাই নিজৰ জীৱন আৰু মডেলিং কেৰিয়াৰক লৈ কথা কয়৷ সাংসৰিক জীৱনত তেওঁ সুখী নহয় সেই কথাও কৈছিল৷ ইয়াৰ পাছৰে পৰাই দম্পতিৰ মাজত বিবাদ বাঢ়ি গৈ থাকে৷
উল্লেখ্য যে তৃষাৰ মৃত্যুত স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰিছে ছুপ্ৰিম কৰ্টে৷ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চেলিৰ বেঞ্চে এই গোচৰৰ শুনানি দিয়ে৷ প্রথমে সংবাদমাধ্যমক সাৱধান কৰিছে এই বেঞ্চে৷ যিহেতু তৃষাৰ স্বামী আইনজীৱী আৰু শাহুৱেকো প্ৰাক্তন ন্যায়াধীশ সেয়ে তদন্তক প্ৰভাৱিত কৰাৰ অভিযোগ উঠিছে তেওঁলোকৰ বিৰুদ্ধে৷ আনকি সংবাদমাধ্যমৰ একাংশই এনেকৈয়ো কৈছে যে অভিযুক্তসকলৰ বিচাৰো ৰখাই দিছে আইনবিভাগে৷ এই পৰিপ্ৰেক্ষিততেই সতৰ্কবাৰ্তা দিছে শীৰ্ষ আদালতে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















