অসম লাইভ২৪ঃ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, বাওঁপন্থী দলকেইটাকে ধৰি মুঠ ১০টা বিৰোধী দলৰ সৈতে কংগ্ৰেছে ঐক্যবদ্ধ হৈ আগবঢ়াৰ প্ৰস্তুতি চলাইছে৷ এই বৈঠকলৈ নিমন্ত্ৰণ নাপালে তৃণমূল কংগ্ৰেছে৷ এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দাঙি ধৰিলে বিশেষ মন্তব্য।
সমগ্ৰ বিষয়টোক লৈ ৰিপুন বৰাই তেওঁৰ মন্তব্যত কয়, ‘বিৰোধীৰ বৈঠকক আদৰণি জনাইছো। আমাক কিয় নিমন্ত্ৰণ নকৰিলে নাজানো। বিৰোধী ঐক্যৰ প্ৰতি আমাৰ সমৰ্থন আছে। কিন্তু অন্তৰৰ পৰা বিজেপি বিৰোধী হ’ব লাগিব। সংবাদ মাধ্যমত গুৰুত্ব পাবলৈ বিজেপি বিৰোধী হ’ব নালাগে। ৰাজ্যসভা নিৰ্বাচনত কাক ভোট দিয়া হ’ল, ৰাষ্ট্ৰপতি নিৰ্বাচনত কাক ভোট দিয়া হ’ল, বিৰোধী প্ৰাৰ্থী থকাৰ পাছতো বিজেপিক কিয় ভোট দিলে এই সমূহ বিষয়ক লৈ চৰ্চা হ’ব লাগে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ