অসম লাইভ ২৪ঃ বলীউডৰ জনপ্ৰিয় ছবি ‘থ্ৰী ইডিয়টছ’ত আমিৰ খানে জৰুৰী অৱস্থাত সন্তান প্ৰসৱ কৰা দেখা পোৱা গৈছিল ছবিখনত। হুবহু এক ঘটনা সংঘটিত হৈছে ঝাঁচী ষ্টেচনত। সন্তানসম্ভৱা এগৰাকী মহিলাক আপাতকালীন পৰিস্থিতিত সন্তানৰ প্ৰসৱ কৰোতে সহায় কৰিলে মহিলা ৰে’ল পুলিচে। জনপ্ৰিয় ছবিখনৰ দৰে ফোনকলৰে সন্তান প্ৰসৱ কৰালে মহিলা ৰে’ল আৰক্ষীগৰাকীয়ে। সম্প্ৰতি মাতৃ আৰু সন্তান দুয়োজনেই সুস্থ। দুয়োকে ৰে’লৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গোৱা এক্সপ্ৰেছৰ এগৰাকী মহিলা যাত্ৰী সন্তানসম্ভৱা আছিল। মাজনিশা মহিলাগৰাকী প্ৰসৱ বেদনাত ছটফটাই উঠে। ৰে’লখন ঝাঁচী ষ্টেচনত উপস্থিত হওঁতেই Rpfক খবৰ দিয়া হয়। আৰু সেই সময়তেই RPFৰ মহিলা উপ-পৰিদৰ্শক ৰাজকুমাৰী গুৰজাৰে ঘটনাস্থলীত উপস্থিত হৈ দেখে যে চিকিৎসালয়লৈ নিয়াৰ সময় হাতত নাই। তেনে অৱস্থাত ৰে’ল আৰক্ষীগৰাকীয়ে তেওঁৰ এগৰাকী বান্ধৱী মহিলা ডাক্টৰৰ সৈতে ফোনেৰে যোগাযোগ কৰি সেই পৰিস্থিতিত সন্তান প্ৰসৱ কৰায়। ইয়াৰ পাছতে মাতৃ-শিশু দুয়োকে ৰে’ল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ