অসম লাইভ২৪ঃ ব্ৰাজিলিয়ান ফুটবলাৰ তাৰকা নেইমাৰক চিনি নোপোৱা মানুহ হয়তো খুব কমেই ওলাব৷ দুভৰিৰ যাদুৰে সমগ্ৰ বিশ্বকে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে নেইমাৰে৷ কিন্তু ৩০ বছৰীয়া নেইমাৰৰ যে এটা ১২ বছৰীয়া সন্তান আছে সেই কথা বহুতেই নাজানে৷
মাত্ৰ ১৯ বছৰ বয়সতেই পিতৃ হৈছিল নেইমাৰ৷ নেইমাৰৰ সন্তান দাভীৰ জন্ম হৈছিল ২০১১ চনৰ ২৪ আগষ্টত৷
ব্ৰাজিলিয়ান ছুপাৰষ্টাৰ আৰু তেওঁৰ প্ৰাক্তন প্ৰেয়সী কেৰেলিনা দান্তাছৰ সন্তান দাভী৷ খুব কম বয়সতেই পিতৃ হৈছিল নেইমাৰ
ইতিমধ্যে নেইমাৰ আৰু কেৰেলিনা দান্তাছৰ বিবাহ বিচ্ছেদ ঘটিছে৷ কেৰেলিনাই বৰ্তমান আন এগৰাকী ব্যক্তিৰ সৈতে বিবাহপাত আবদ্ধ হৈছে৷
দাভী প্ৰায়সময়তে নেইমাৰৰ সৈতেই থাকে৷ নেইমাৰেও সন্তান দাভীক একমুহূৰ্তৰ বাবেও এৰিব নোৱাৰো বুলি বহু সাক্ষাৎকাৰত নিজেই উল্লেখো কৰিছে৷
বিভিন্ন দেশলৈ খেলৰ বাবে যাত্ৰা কৰোতে সন্তানটোকো লগত প্ৰায়ে লৈ যায় নেইমাৰে৷ নেইমাৰৰ বুকুজুৰি অনবৰতে থাকে তেওঁৰ সন্তান দাভী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ