• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যিক বিজেপিৰ ‘মোনা লোৱা’ নেতাজন কোন?

ৰাজ্যিক বিজেপিৰ ‘মোনা লোৱা’ নেতাজন কোন?

6 years ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

5 seconds ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

24 minutes ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

1 hour ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

14 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

14 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

15 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

15 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

16 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

16 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

17 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

18 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যিক বিজেপিৰ ‘মোনা লোৱা’ নেতাজন কোন?

কেনেদৰে দল ধ্বংস কৰিছে ‘মোনা লোৱা’ নেতাই?

editor by editor
July 13, 2020
in অসম, ৰাজনীতি
0
ৰাজ্যিক বিজেপিৰ ‘মোনা লোৱা’ নেতাজন কোন?
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেওবাৰে এক আচম্বিত খবৰে জোকাৰণি তুলিছিল ৰাজ্যৰ ৰাজনীতিত। সততে সৰৱ। সততে বিতৰ্কিত ভাষ্যৰে সংবাদ শিৰোনাম দখল কৰি অহা হোজাইৰ বিধায়ক শিলাদিত্য দেৱে বিজেপি দল ত্যাগৰ খবৰে চাঞ্চল্যকৰ সৃষ্টি কৰিছিল। সংবাদ মাধ্যমত বিশেষকৈ টিভি আৰু ৱেব মিডিয়াৰ বিগ ব্ৰেকিং হৈ পৰিছিল এই খবৰ। বিগ ব্ৰেকিঙৰ ক্ষন্তেক পাছতে লংকাৰ জোৰাপুখুৰীৰ নিজ বাসগৃহত এক সংবাদমেল আয়োজন কৰে বিধায়কজনে। সংবাদমেলত শিলাদিত্য দেৱে নিজ দলৰ একাংশ শীৰ্ষ নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ডেৰ কুৰি বছৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান কৰ্মীৰূপে সংবাদমেল সম্বোধন কৰে বিধায়কজনে। পুৰণি দিনৰ স্মৃতি স্মৰণ কৰি বৰ্তমান আৰু অতীতৰ বিজেপি দলৰ মাজত বৃহৎ তফাৎ অহা বুলি মন্তব্য কৰি স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো পদবীৰ প্ৰতি লালায়িত নহয়। ‘মন্ত্ৰিত্ব নোপোৱাৰ কাৰণে শিলাদিত্যই বিদ্ৰোহ কৰিছে নেকি?’ সাংবাদিকে কৰা এই প্ৰশ্নৰ উত্তৰত পুনৰ স্পষ্ট কৰি দিয়ে যে তেওঁ মন্ত্ৰিত্বৰ প্ৰতি আগ্ৰহী নহয়। কিন্তু দলত তেওঁক পদে পদে অপমান কৰাৰ অভিযোগ আনে। এইক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ এগৰাকী বিশেষ নেতাক টাৰ্গেট কৰি লোৱা দেখা গ’ল শিলাদিত্য দেৱক। ‘মোনা লোৱা’ এজন নেতাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰে। এই ‘মোনা লোৱা’ নেতাজনৰ বাবেই অনাগত দিনত দলৰ বহুত ক্ষতি হ’ব বুলি দলৰ অন্য নেতা-কৰ্মীসকলক একপ্ৰকাৰৰ সতৰ্কবাণী প্ৰেৰণ কৰে হোজাইৰ বিধায়কজনে। ১৪ জুলাইত ভাৰতীয় জনতা পাৰ্টীৰ পৰা অৱসৰ ল’ব বুলিও একেখন সংবাদমেলত ঘোষণা কৰে বহুবল্কী শিলাদিত্যই।

কোন এই ‘মোনা লোৱা’ নেতা?

দেওবাৰৰ সংবাদমেলেই নহয়, ইয়াৰ পূৰ্বেও ‘মোনা লোৱা’ নেতাজনৰ বিৰুদ্ধে সৰৱ হৈছিল শিলাদিত্য। মুখ্যমন্ত্ৰী সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি একাংশ বিয়াগোম নেতাক অভিযোগো দিছিল। ৰাজ্যত চলি থকা অসংখ্য ছিণ্ডিকেটৰ নায়কৰূপে অভিহিত কৰি ‘মোনা লোৱা’ নেতাজনৰো এনে কু-কৰ্ম শিলাদিত্যৰ অভিযোগপত্ৰত সন্নিৱিষ্ট হৈছিল। পিছে, মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে? অভিযোগপত্ৰ দিয়াৰ পাছত দলৰ প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল বিধায়কজন। আনকি বিজেপি ত্যাগৰ পত্ৰখনো ৰাজ্যিক সভাপতিলৈ হোৱাট্ছএপতহে প্ৰেৰণ কৰিবলগীয়া হ’ল। ৰঞ্জিত দাসে ফোনেই নুঠায়। শিলাদিত্যই কোৱাৰ দৰে ‘মোনা লোৱা’ নেতাজন সঁচাকৈয়ে শক্তিশালী নেকি? যাৰ বাবে এজন দলীয় বিধায়কৰ ফোন উঠাবলৈ অপাৰগ হ’ল ৰঞ্জিত দাস। এতিয়া অকল হেঙেৰাবাৰীতে নহয়, ৰাজ্যৰ চুকে-কোণে উৎসুকতা বাঢ়িছে এই ‘মোনা লোৱা’ বিজেপি নেতাজন কোন? সকলোৱে জানে। পিছে, কোনেও মুখ খুলি নকয় ‘মোনা লোৱা’ নেতাৰ নাম। অসম লাইভ ২৪-এ অনুসন্ধান কৰিছিল হেঙেৰাবাৰীৰ ‘মোনা লোৱা’ নেতাজনৰ। কাষ চাপিছিল বিজেপিৰ প্ৰাক্তন বিদ্ৰোহী নেতা ৰামপ্ৰসাদ শৰ্মাৰ। শৰ্মায়ো স্পষ্টকৈ নক’লে যদিও আওপকীয়াকৈ ফণীন্দ্ৰ শৰ্মাৰেই নাম ল’লে। শিলাদিত্যই ইংগিতকৰা ‘মোনা লোৱা’ নেতাজন ফণীন্দ্ৰ শৰ্মাই হয় বুলি ইতিমধ্যে চৰ্চা আনত বাদ দিলেও খোদ বিজেপি কৰ্মী-নেতাৰ মাজতে চৰ্চিত হৈছে। কিয়নো অসম বিজেপিৰ এজন অখণ্ড প্ৰতাপী নেতা হ’ল ফণীন্দ্ৰ শৰ্মা।

পদত্যাগপত্ৰ গ্ৰহণ নকৰে বিজেপিয়ে

আমাৰ হাতত পৰা শেহতীয়া খবৰ মতে শিলাদিত্য দেৱৰ আচম্বিত পদত্যাগ ঘোষণাই ক্ষুণ্ণ কৰি তুলিছে গেৰুৱা দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক। এনে ক্ষোভে যাতে ভূমিকম্পৰ ৰূপ নলয় তাৰ বাবে তৎপৰ হৈ উঠে ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দ। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ইতিমধ্যে বুজাই-পৰাই পুনৰ দললৈ শিলাদিত্য দেৱক ওভতাই অনাৰ যৎপৰোনাস্তি চেষ্টা চলিছে। ক্ষোভ-অসন্তুষ্টি মৰিষণৰ বাবে ৰাজ্যিক নেতৃত্বই সঘনে যোগাযোগ স্থাপন কৰিছে বিধায়কজনৰে। শিলাদিত্য দেৱৰ ঘনিষ্ঠ সূত্ৰই জানিব দিয়া মতে ক্ষোভে শাম কাটিছে বিধায়কগৰাকীৰ। সেয়ে দুই-এদিনতে হয়তো পদত্যাগপত্ৰ উঠাই ল’ব হোজাইৰ বিদ্ৰোহী নেতাজনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24assam state bjpaxom live 24rp sarmasiladitya dev
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

April 18, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?
অসম

লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী সংগীতা ৰাভা, বিহু সম্ৰাজ্ঞী সংগীতাই উপহাৰ হিচাপে কি কি লাভ কৰিলে?

April 18, 2026
‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?
অসম

‘বিগত ৭মাহে আবেগিকভাৱে ভাঙি পৰিছো, যি হেৰুৱাইছো সেয়া বুজাব নোৱাৰো, এতিয়া শূন্যতাৰ বাহিৰে একো নাই’ পাণ্ডু বিহুতলিৰ পৰা কি বাৰ্তা গৰিমা গাৰ্গৰ?

April 18, 2026
Next Post
‘অখিল বৰ্তমান সুস্থ’-এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

'অখিল বৰ্তমান সুস্থ'-এই মন্তব্য স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ক’ৰোনাত আক্ৰান্ত অমিতা বচ্চন কেনে আছে?

ক’ৰোনাত আক্ৰান্ত অমিতা বচ্চন কেনে আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.