আজি হয়তো দেখা পাব পাৰে সৰ্বকালৰ সৰ্বকনিষ্ঠ আই পি এল খেলুৱৈ বৈভৱক
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ৰাজস্থান ৰয়েলছৰ সবাতোকৈ কনিষ্ঠ প্ৰতিভা বৈভৱ সূৰ্য্যবংশী আলোচনাৰ বিষয় হৈ আছে। ২০২৪ত জেদ্দাত অনুষ্ঠিত নিলামত আৰ আৰ এ ১.১০ কোটি টকাত ক্ৰয় কৰি চুক্তি লাভ কৰা ১৩ বছৰীয়া সূৰ্যবংশী আই পি এলৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
২০২৪ চনত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ উজ্জল প্ৰদৰ্শনেৰে নিজৰ নাম উজলাইছিল। সেই বৈভৱে এতিয়া ২০২৫ৰ আই পি এল দলৰ সদস্য। ৰাজস্থান দলৰ সদস্য বৈভৱ।
বিহাৰৰ হৈ খেলি বৈভৱে ২০২৪–২৫ চনৰ বিজয় হাজাৰে ট্ৰফীত বৰোদাৰ বিৰুদ্ধে ৪২টা বলত ৭১ ৰান সংগ্ৰহ কৰি অৰ্ধশতক অৰ্জন কৰাৰ সৰ্বকনিষ্ঠ ভাৰতীয় হোৱাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।
চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৮টা বলত শতক অৰ্জন কৰি ভাৰতৰ আটাইতকৈ কম বয়সীয়া টেষ্ট শতক অৰ্জনকাৰী হিচাপেও পৰিগণিত হৈছিল বৈভৱ। ইয়াৰ উপৰিও ভাৰতক এ চি চি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ফাইনেললৈ লৈ যোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বৈভৱে।
সেই বৈভৱকে আজি ২৩ মাৰ্চ তাৰিখে খেলপথাৰত দেখা পোৱা যাব পাৰে। সঞ্জুৰ অনুপস্থিতিত ৰিয়ানৰ অধিনায়কত্বত বৈভৱে আজি ছানৰাইজাৰ্চ হাইদৰাবাদৰ বিৰুদ্ধে ৰাজস্থান দলৰ প্লেইং ১১ৰ অংশ হব পাৰে।
ৰাজস্থান ৰয়েলছৰ আজিৰ সাম্ভাৱ্য দল- যশস্বী জয়ছোৱাল, বৈভৱ সূৰ্যবংশী, নীতিশ ৰানা, ৰিয়ান পৰাগ (অধিনায়ক), শিমৰন হেটমাইৰ, ধ্ৰুৱ জুৰেল, শুভম ডুবে, ৱানন্দু হাছাৰংগা, জোফ্ৰা আৰ্চাৰ, মহেশ তীক্ষ্ণ, সন্দীপ শৰ্মা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ