অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰমতে আপুনি সংখ্যাতত্বৰ সহায়ত আপোনাৰ কেৰিয়াৰ বা বৃত্তি সম্পৰ্কে জানিব পাৰে। এই তথ্য লাভ কৰিবৰ বাবে আপুনি আপোনাৰ জন্ম তাৰিখ জনা উচিত। জন্ম তাৰিখৰ ওপৰতেই আপুনি কোনটো ক্ষেত্ৰত ভাগ্যৱান সেই কথা জানিব পাৰিব। কোন ৰাশিৰ লোকসকল কি কামৰ বাবে বিখ্যাত সেই সম্পৰ্কেও আপুনি জানিব পাৰিব।
সংখ্যাতত্ত্ব কি,সংখ্যা অনুযায়ী আপুনি কি পেছাত সফল হ’ব?
সংখ্যাতত্ত্ব অনুসৰি, জন্মৰ তাৰিখ পৰা আপোনাৰ সমস্ত জীৱনৰ কথা জানিব পাৰি। আপোনাৰ জন্মৰ দিনটোৱেই হৈছে আপোনাৰ জন্ম সংখ্যা। উদাহৰণস্বৰূপে, যদি আপোনাৰ জন্ম যিকোনো মাহৰ ১তাৰিখে হয়, তেন্তে আপোনাৰ জন্ম সংখ্যা হৈছে ১। যদি আপোনাৰ জন্ম ১১ তাৰিখে হয়, তেন্তে সংখ্যাটো হ’ব 2। এনেদৰে আপুনি আপোনাৰ বিশেষ সংখ্যাটো জানিব পাৰিব।
সংখ্যা ১ঃ যিসকলৰ বিশেষ সংখ্যা ১, তেওঁলোক ব্যৱস্থাপনা দক্ষতাৰ গৰাকী, তেওঁলোকে ডিজাইনিং, চলচ্চিত্ৰ নিৰ্মাণ বা বিজ্ঞানৰ ক্ষেত্ৰলৈ যাব পাৰে।
সংখ্যা ২ঃ এই বিশেষ নম্বৰৰ গৰাকীসকল সৃষ্টিশীল কামত জড়িত হ’ব পাৰে। তেওঁলোকে নৃত্য, লিখনি, কবিতা আদি অন্যান্য ক্ষেত্ৰত তেওঁলোকে ভাগ্য গঢ়িবলৈ চেষ্টা কৰিব লাগে।
সংখ্যা ৩ঃ যিসকল লোকৰ বিশেষ সংখ্যা ৩ তেওঁলোকে শিক্ষাক্ষেত্ৰ, কাউন্সিলিং আদিত সফলতা লাভ কৰিব পাৰে। তেওঁলোকে চলচ্চিত্ৰ পৰিচালনা, অভিনয়, সাংবাদিকতা আদিলৈও যাব পাৰে।
সংখ্যা ৪ঃ যিসকল লোকৰ বিশেষ সংখ্যা ৪, তেওঁলোকে অভিযান্ত্ৰিক বা কম্পিউটাৰ বিজ্ঞানসম্পৰ্কীয় কাম কৰিব পাৰে। এইবোৰৰ উপৰিও, তেওঁলোকে যন্ত্ৰপাতি সম্পৰ্কীয় কামত সফলতা দেখুৱাব।
সংখ্যা ৫ঃ এই সংখ্যাৰ লোকসকলৰ লিখা-পঢ়াত আগ্ৰহ বেছি। তেওঁলোক এই ক্ষেত্ৰতেই সফল হ’ব।
সংখ্যা ৬ঃ যিসকলৰ বিশেষ সংখ্যা ৬ তেওঁলোকে সামাজিক কাম, চিকিৎসা, আয়ুৰ্বেদ, যোগ, ৰন্ধন আদি বিশয়ত সফল হয়। তেওঁলোকে সমাজ সেৱাতো মনোনিৱেশ কৰিলে সফল হ’ব।
সংখ্যা ৭ঃ এই সংখ্যাৰ লোকসকল কৌতুহলী হয়। তেঁওলোকে চোৰাংচোৱা, বৈজ্ঞানিক গৱেষণা, পুৰাতাত্ত্বিক আদি বিষয়ত সফল হ’ব।
সংখ্যা ৮ঃ এই সংখ্যাৰ লোকসকল বিত্ত সম্পৰ্কীয় কামত উপযুক্ত। তেওঁলোকে বেংকিং লাইনত যাব পাৰে।
সংখ্যা ৯ঃ যিসকলৰ বিশেষ সংখ্যা ৯, তেওঁলোক ফিটনেছ সচেতন, যদি তেওঁলোকে চেষ্টা কৰে, তেওঁলোকে খেলুৱৈ, চিকিৎসক, উকীল আদি হ’ব পাৰে। তেওঁলোকে সেনা বা আৰক্ষীতো যোগদান কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















