অসম লাইভ২৪ঃ মাত্ৰ ২০ বছৰ বয়সতেই ডিজিটেল প্লেটফৰ্মত ষ্টাৰ হৈ উঠিছে তেওঁ। বৰ্তমান ইউটিউবত তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা প্ৰায় ৩ কোটি ৯০ লাখ। ইয়াৰোপৰি তেওঁৰ আছে গেমিং চেনেলো। সেই গেমিং চেনেলতো ছাবস্ক্ৰাইবাৰৰ সংখ্যা প্ৰায় ১.২ কোটি। ইউটিউব চেনেলত নানান ধৰণৰ ভিডিঅ’ প্ৰায় সদায়েই দি আহিছে কেৰিমিনাতিয়ে। ৰ’ষ্টিং ভিডিঅ’ৰ পৰা আৰম্ভ কৰি বিভিন্ন নতুন নতুন কনটেণ্ট তেওঁৰ চেনেলত দেখা যায়। আনকি তেওঁৰ আছে বহুকেইটা গানৰ ভিডিঅ’ও। গানৰ ভিডিঅ’ৰেই তেওঁ আকৌ এবাৰ চৰ্চাত আহিছে।
১০ বছৰ বয়সতেই ইউটিউব জগতত প্ৰৱেশ
১০ বছৰ বয়সতেই কেৰিমিনতিয়ে ইউটিউবত ভিডিঅ’ দিবলৈ আৰম্ভ কৰিছিল। ২০১৪ চনত সক্ৰিয়ভাৱে ইউটিউব কনটেণ্ট বনাবলৈ আৰম্ভ কৰিছিল কেৰিমিনতিয়ে। ২০১৪ চনত তেওঁৰ ইউটিউব চেনেলৰ নাম আছিল Addicted A1, সেই চেনেলটোত কেৰিমিনতিয়ে নানান গেমৰ ওপৰত ৰিভিউ’ দিছিল। ২০১৫ চনত সেই চেনেলৰ নাম সলায় কেৰিদোয়েল কৰিলে। তাতেই তেওঁ পোনতে ছানি দেওলৰ নকল কৰি কাউণ্টাৰ ষ্ট্ৰাইক গেমৰ ৰিভিউ’ দিবলৈ আৰম্ভ কৰে। ইয়াৰোপৰি মিউজিক ভিডিঅ’ৰো এলবাম কৰিবলৈ আৰম্ভ কৰে কেৰিমিনতিয়ে। কিছুদিন পাছত তেওঁ নাম সলায় কৰিলে কেৰিমিনতি। ২০২১ চনত ৩ কোটি ছাবস্ক্ৰাইবাৰৰ মাইলফলক অতিক্ৰম কৰিবলৈ সক্ষম হয় কেৰিৰ চেনেলে।
কেৰিমিনতি আৰু বিতৰ্ক
২০২০ চনত ইউটিউব বনাম টিকটক ট্ৰেণ্ডৰ সময়ত এটা ৰ’ষ্টিং ভিডিঅ’ বনাইছিল কেৰিয়ে। সেই ভিডিঅ’টোক লৈ তুমুল আলোচনাও হৈছিল। একাধিক তৰ্ক বিতৰ্কও হৈছিল এই বিষয়ক লৈ। বিতৰ্কৰ পাছতেই বিপুল হাৰত জনপ্ৰিয়তাও লাভ কৰিবলৈ সক্ষম হয় কেৰিয়ে। এই ভিডিঅ’ আপলোড কৰাৰ কিছুদিন পাছত কেৰিয়ে ভিডিঅ’টো ডিলিট কৰে। টাইম মেগাজিনৰ ‘টেনথ নেক্সট জেনেৰেছন লিডাৰ্ছ ২০১৯’ত ঠাই পায় কেৰিয়ে। ফোবৰ্ছৰ ‘৩০আণ্ডাৰ ৩০ এছিয়া’ বিভাগত স্থান পায় কেৰিমিনতিয়ে। ২০২২ চনত ৰানৱে ৩৪ ছবিত এটা কেমিঅ’ ৰুলটো দেখা গৈছিল কেৰিমিনতিক।
কেৰিমিনতিৰ আয় কিমান?
বিতৰ্ক থাকিলেও বহুতৰেই প্ৰিয় ইউটিউবাৰৰ ভিতৰত এজন কেৰিমিনতি। তেওঁ ইউটিউবৰ পৰা কিমান ধন আয় কৰে সেই বিষয়টোক লৈ বহুতেই জানিবলৈ আগ্ৰহী। তিনি মাহত কিমান আয় কৰে কেৰিমিনতিয়ে? এক ৰিপৰ্টত প্ৰকাশ পোৱা অনুযায়ী ১.৩৫ মিলিয়নৰো অধিক মানুহে প্ৰতিদিনেই তেওঁৰ ভিডিঅ’ চাই। সেই অনুসৰি প্ৰতি হাজাৰ ভিউ’ত প্ৰায় ৩ ডলাৰৰ পৰা ৭ ডলাৰলৈকে আয় কৰে তেওঁৰ চেনেলে।
কেৰিমিনতিয়ে তেওঁৰ প্ৰতিটো ভিডিঅ’ৰ পৰা প্ৰায় ১ লাখকৈ ধন আয় কৰে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৪১ কোটি টকাৰো অধিক। ইউটিউবৰ উপৰিও ব্ৰেণ্ড প্ৰমোছন, গান, চিনেমা ইত্যাদিৰ পৰাও বহু ধন আয় কৰে কেৰিমিনতিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















