অসম লাইভ ২৪ঃ চলিত বৰ্ষত মুছলমানসকলৰ পৱিত্ৰ হজযাত্ৰাৰ যাত্ৰীৰ সংখ্যা সীমিত কৰা হৈছে। চৌদী হজ মন্ত্ৰ্যালয়ে কেৱল চৌদী নাগৰিকৰ ডেৰ হাজাৰ লোককহে অনুমতি প্ৰদান কৰিছে হজৰ বাবে। আৰু কোনো বিদেশী হজযাত্ৰীক এইবাৰ হজৰ অনুমতি এইপৰ্যন্ত দিয়া নাই। ক’ৰোনা মহামাৰীৰ সতৰ্কতা হিচাপে চৌদী কৰ্তৃপক্ষই এই সিদ্ধান্ত লৈছে। এইবাৰ হজত মুজদালিফা, মিনা আৰু আৰাফাতো প্ৰৱেশ নিষিদ্ধ কৰিছে চৌদী আৰৱ চৰকাৰে। এই নিৰ্দেশ অমান্য কৰিলে বিশাল অংকৰ জৰিমনা ভৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে। ক’লা পাত্থৰত চুম্বন কৰাৰো অনুমতি নিদিব চৌদী হজ কৰ্তৃপক্ষই। কাবা শ্বৰিফ স্পৰ্শ কৰাতো বাধা প্ৰদান কৰিছে। চৌদী ধৰ্ম মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত ক’ৰোনা সংক্ৰমণ ৰোধৰ সতৰ্কতামূলক আৰু প্ৰতিৰোধমূলক ব্যৱস্থা অমান্য কৰিলে শাস্তি প্ৰদানৰ নিৰ্দেশ দোহাৰে। কোৱা হৈছে ২৯ জুলাইৰ পৰা ২ আগষ্টপৰ্যন্ত অনুমতি ভংগ কৰি নিৰ্দিষ্ট পৱিত্ৰ স্থানসমূহত কোনো লোকে প্ৰৱেশ কৰিলে ১০ হাজাৰ চৌদীৰ ৰিয়াল জৰিমনা বিহা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ