অসম লাইভ২৪ঃ বিগত ৪৮ ঘণ্টা ধৰি এখন ফটোয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। আপুনিও হয়তো এই বিশেষ ফটোখন দেখিছে। এগৰাকী মহিলাই নিজৰ বিবাহ বিচ্ছেদৰ পাছতে কৰা ফটোশ্বুটক লৈ সামাজিক মাধ্যমত চলিছে ব্যাপক আলোচনা। হাতত ডিভোৰ্চৰ ষ্টীকাৰ লৈ ৰঙা গ্ৰাউন পিন্ধি ফটোশ্বুট কৰিছে মহিলাগৰাকীয়ে। পেচাত মহিলাগৰাকী এগৰাকী ফেচন ডিজাইনাৰ। নাম শালিনী।
বিবাহ বিচ্ছেদ বিফলতা নহয়৷ জীৱনটোক নতুনভাৱে আৰম্ভ কৰাৰ এক সুযোগ হে৷ জীৱনত সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে৷ যিসময়ত প্ৰি ৱেডিং, ৱেডিং ফটোশ্বুট, বিবাহৰ ক্ষেত্ৰত যেন এক অপৰিহাৰ্য অংগ হৈ পৰিছে, সেইসময়ত বিবাহ বিচ্ছেদক লৈ ফটোশ্বুট কৰিছে শালিনীয়ে। ফটোখিনি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘ এয়া এগৰাকী বিবাহ বিচ্ছেদিত মহিলাৰ বাৰ্তা৷ এই বাৰ্তা সেইসকলৰ বাবে, যিয়ে নিজকে অসহায় অনুভৱ কৰে। বিবাহৰ কথা সকলোয়ে আলোচনা কৰে যদিও বিবাহ বিচ্ছেদৰ কথা মুকলিকৈ প্ৰকাশ কৰিবলৈ টান পায়৷ আমাৰ সমাজত বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ কৰিবলৈ বহুতেই দ্বিধাবোধ কৰে।’
ইয়াৰোপৰি শালিনীয়ে লিখিছে, ‘এটা অশান্তিকৰ বৈবাহিক সম্পৰ্কত থকাতকৈ সেই বিবাহ এৰি যোৱাটোয়ে মংগলজনক। কিয়নো আপুনি সুখী হোৱাৰ যোগ্য আৰু আপোনাৰো সুখী হোৱাৰ অধিকাৰ আছে। আপুনি কেতিয়াও কোনো ক্ষেত্ৰতে আপোচ নকৰিব, আপোনাৰ জীৱনৰ বাবে আপুনি সঠিক সিদ্ধান্ত লওক। আপোনাৰ আৰু আপোনাৰ সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় পৰিৱৰ্তন কৰক। কিয়নো বিবাহ বিচ্ছেদ মানেই বিফলতা নহয়! এইটো আপোনাৰ বাবে আৰু আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ এটা টাৰ্ণিং পইণ্টহে। বিবাহক বাদ দি জীৱনযুদ্ধত অকলে থিয় হ’বলৈ যথেষ্ট সাহসৰ প্ৰয়োজন, সেয়েহে মই মোৰ এই বিবাহ বিচ্ছেদক সকলো সাহসী মহিলাৰ বাবে উৎসৰ্গা কৰিছো।’
এই পষ্ট ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। একাংশই মহিলাগৰাকীৰ সাহস আৰু দৃষ্টিভংগীক প্ৰশংসা কৰাৰ বিপৰীতে একাংশই মহিলাগৰাকীক সমালোচনা কৰিছে। কিন্তু সকলোয়ে মনত ৰখা উচিত , নিজৰ জীৱনক লৈ সিদ্ধান্ত লোৱাৰ অধিকাৰ ব্যক্তিস্বাধীনতা অন্তৰ্গত বিষয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ