অসম লাইভ২৪ঃ প্ৰতিযোগীতামূলক এই সময়ত এটা চৰকাৰী চাকৰি পোৱা খুবেই কঠিন। মনে বিচৰা এটা চাকৰি প্ৰায়সংখ্যকেই নাপায়। চৰকাৰী চাকৰি আমাৰ দেশৰ আকৰ্ষণীয় এক পেছা। স্বনিৰ্ভৰ হ’বলৈ এটা চৰকাৰী চাকৰিয়েই প্ৰত্যাশা কৰে আমাৰ দেশৰ যুৱপ্ৰজন্মই। ইয়াৰ অন্য কাৰণ একো নাই। বেচৰকাৰী চাকৰিৰ আয়ুস মালিকৰ পছন্দৰ ওপৰত নিৰ্ভৰশীল, ইচ্ছা কৰিলেই আঁতৰাই দিব পাৰে। কিন্তু চৰকাৰী চাকৰি তেনে নহয়। কোন কোন ৰাশিৰ লোকে এই সফলতা লাভ কৰে? জ্যোতিষশাস্ত্ৰই কেইটামান বিশেষ ৰাশিৰ লোকে চৰকাৰী চাকৰি সহজে লাভ কৰে বুলি বাখ্যা দাঙি ধৰিছে। জ্যোতিষ শাস্ত্ৰমতে কোন কোন ৰাশিৰ জাতকসকলৰ চৰকাৰী চাকৰি পোৱাৰ সম্ভাৱনা বেছি?
মকৰ ৰাশি
মকৰ ৰাশিৰ গ্ৰহ অধিপতি হৈছে শনি। মকৰ ৰাশিৰ জাতকসকলৰ যেনেদৰে উচ্চাকাংক্ষী তেনেদৰে কঠোৰ পৰিশ্ৰমীও। সেয়ে চৰকাৰী চাকৰি লাভ কৰিবৰ বাবে এওঁলোকে যিকোনোপ্ৰকাৰেই চাকৰি এটা ল’বলৈ যত্ন কৰে। এওঁলোকৰ মাজত সংগঠন এটাৰ দায়িত্ব ল’ব পৰা দক্ষতা আছে। পৰিকল্পনা কেনেকৈ কৰিব, পেছাগত ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব। পৰিকল্পনাৰে কেনেকৈ আগুৱাব সকলো দক্ষতা এই ৰাশিৰ ব্যক্তিৰ আছে।
বৃষ ৰাশি
বৃষ ৰাশিৰ গ্ৰহৰ অধিপতি হৈছে শুক্ৰ। চৰকাৰী চাকৰি লাভ কৰাৰ যোগ আছে এই ৰাশিৰ জাতকসকলৰ। এওঁলোকে গন্তব্যস্থান নোপোৱা পৰ্যন্ত থমকি নৰয়। যিকোনো পৰিস্থিতিতেই তেনে লোক সফল হয়।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মঙল। গৱেষণামূলক কামত এইসকল লোক সাফল্য লাভ কৰে। যিকোনো সমস্যাৰ সন্মুখীন হ’লেও এইসকল লোক পিছুৱাই নাযায়। সেয়ে চৰকাৰী চাকৰিত এইসকললোকৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আৰক্ষী দপ্তৰ বা নিৰাপত্তা আদি বিভাগত চাকৰি লাভ কৰে।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ গ্ৰহ অধিপতি হৈছে চন্দ্ৰ। এই ৰাশিৰ লোক দয়ালু, আৱেগপ্ৰৱণ হয়। এই সকলোবোৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কাৰণেই কৰ্কট ৰাশিৰ জাতকসকল চৰকাৰী চাকৰিৰ বাবে উপযুক্ত।
কন্যা ৰাশি
কন্যা ৰাশিৰ গ্ৰহ অধিপতি হৈছে বুধ। এওঁলোকে সকলো কামেই খুটি-নাটি কৰে। সকলো সৰু সুৰা কথাই এইসকল লোকৰ চকুত পৰে। সকলো কামেই নিখুতভাৱে কৰি ভালপায় এই ৰাশিৰ লোকে। সেয়ে এই ৰাশিৰ লোকো চৰকাৰী চাকৰিৰ বাবে উপযুক্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ