অসম লাইভ ২৪ঃ এইবাৰ ক’ৰোনা পালেগৈ BCCIৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ বাসগৃহ। সৌৰভ গাংগুলীৰ ভাতৃ প্ৰাক্তন ৰঞ্জী খেলুৱৈ স্নেহাশিষ গাংগুলী ক’ভিড-১৯ত আক্ৰান্ত। উল্লেখযোগ্য যে এমাহ পূর্বেই স্নেহাশিষ গাংগুলী ক’ৰোনাত আক্ৰান্ত হৈছিল। সেই খবৰ পোহৰলৈ অহাৰ পাছতে স্নেহাশিষ গাংগুলীয়ে নিজে এয়া অপপ্ৰচাৰ আৰু তেওঁ সম্পূর্ণ সুস্থ বুলি জনাইছিল। কিন্তু শেহতীয়াকৈ জানিব পৰা গৈছে স্নেহাশিষ গাংগুলী আক্ৰান্ত হৈছে ক’ভিড-১৯ত। স্নেহাশিষ গাংগুলী পশ্চিমবংগ ক্ৰিকেট এছ’চিয়েচনৰ সচিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















