অসম লাইভ ২৪ঃ আপুনি White Heads বা Black Heads ৰ সমস্যাত ভুগিছে নেকি? এই লকডাউনৰ সময়ত এই সমস্যাক লৈ কি কৰিম, কি নকৰিম ভাবত ভুগিছে নেকি? বিউটী পার্লাৰলৈ যোৱা এতিয়া যিহেতু সম্ভৱ নহয়, গতিকে ঘৰতে আপুনি ইয়াৰ সমাধানৰ চেষ্টা কৰিব পাৰে। এটা বাটিত পানী লৈ তাত টাৱেল এখন তিয়াই চেপি লওক। এতিয়া হালধি আৰু চাউলৰ গুড়ি মিহলাই লওক। তাত নেমুৰ ৰস আৰু মৌ মিহলাই লওক। এতিয়া মিশ্ৰণটো White Heads বা Black Heads পৰা ঠাইত লগাওক। ৫ মিনিট Scrubbing কৰক। তাৰ পাছত ঠাণ্ডা পানীৰ ধুই দিয়ক। পার্থক্য আপুনি নিজেই ধৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ