অসম লাইভ ২৪ঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চন উভতিল ঘৰলৈ। ১১ জুলাইৰ পৰা মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী। ক’ৰোনাত আক্ৰান্ত হৈছিল ‘বিগ-বি’।
শেহতীয়া পৰীক্ষাত ‘বিগ-বি’ৰ কোভিড নিগেটিভ ৰিপ’ৰ্ট অহাত তেওঁক আজি হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়ে। এতিয়া কিছুদিন ঘৰতে জিৰণি ল’ব অমিতাভ বচ্চনে। টুইটযোগে এই কথা সদৰী কৰিছে অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ