অসম লাইভ ২৪ঃ এনেয়ে মৰিছো ঋষিৰ শাপত। তাতে আকৌ দিছে ধানৰ ভাপত। এতিয়া যেন চৌদিশে উচ্চাৰিত হৈছে এই আপ্ত বাক্যশাৰী। ক’ৰোনাৰ সন্ত্ৰাসৰ মাজতে পৃথিৱীৰ বিভিন্ন স্থানত ঘটিছে কেতবোৰ অলৌকিক কাণ্ড। অস্থিৰ হৈছে প্ৰকৃতি। ক’ৰবাত যদি ধন জন হানি কৰা ভূমিকম্প, ক’ৰবাত আকৌ ছুনামি। কোনো কোনো দেশত আকৌ ক’ভিড-১৯তকৈও ভয়াৱহ ভাইৰাছ হাংগাৰে সংহাৰী ৰূপ লৈছে। ব্যতিক্ৰম নহয় ভাৰতবৰ্ষও। ক’ৰোনা শংকা-সন্ত্ৰাসৰ মাজত এই ৰোগবিধে অৱশ্যে বিশেষ চৰ্চা লাভ নকৰাটোৱেই স্বাভাৱিক। এতিয়া বাৰিষা। এনে সময়ত চকুৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। ‘দ্য অকুলাৰ ছাৰফেজ’ নামৰ এখন জাৰ্নেলে প্ৰকাশ কৰা এটা সমীক্ষাত কোৱা হৈছে প্ৰায় ২১ হাজাৰ লোক ‘দ্য আইজ ডিজিজ’ত আক্ৰান্ত হৈছে। ২০১০ চনৰ পৰা ২০১৮ চনলৈ অন্ধ্ৰপ্ৰদেশ, তেলেংগনা, ওড়িশা আৰু কৰ্ণাটকৰ বিস্তীৰ্ণ অঞ্চলত প্ৰায় ডেৰ লাখ মানুহক লৈ চলোৱা এই সমীক্ষাটোত দেখা গৈছে ২১ হাজাৰ লোক এনে ৰোগত আক্ৰান্ত হৈছে। ইয়ো এবিধ সোঁচৰা ৰোগেই। চকু বিশেষজ্ঞসকলৰ সন্দেহ ২০৩০ চনৰ মাজভাগলৈ ভাৰতত এই সংখ্যা বাঢ়ি ৪০ শতাংশ হ’ব। এই ৰোগ চিকিৎসা নকৰিলে ৰোগৰ ফলত অন্ধত্বক আঁকোৱালি ল’বলগা হ’ব। সেয়ে, চকুৰ যিকোনো সমস্যা হ’লে বিশেষজ্ঞৰ ওচৰ চাপিবলৈ এলাহ নকৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ