অসম লাইভ ২৪ঃ বলীউডত এতিয়া ক’ৰোনাৰ তাণ্ডৱ। বচ্চন পৰিয়ালৰ পাছত অভিনেত্ৰী ৰেখাৰ বাসগৃহৰ দুজনকৈ নিৰাপত্তাৰক্ষী ক’ৰোনাত আক্ৰান্ত হৈছে। কিন্তু ক’ৰোনা পৰীক্ষা কৰিবলৈ অমান্তি হৈছে ৰেখা। BMCৰ কৰ্মীক দুৰ্ব্যৱহাৰ কৰিছে ৰেখাই। BMCৰ ফালৰ পৰা ৰেখাৰ বাসগৃহ বাহিৰৰ পৰাই ছেনিটাইজ্ড কৰি প্ৰৱেশ দ্বাৰত আঁৰি দিছে জাননী।। কাৰণ বাসগৃহৰ ভিতৰতো প্ৰৱেশ কৰিবলৈ দিয়া নাই BMCৰ কৰ্মীক। বান্দ্ৰাৰ সেই এলেকাটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। ৰেখাৰ মেনেজাৰ ফৰ্জনাই BMCক জনাইছে যে ৰেখা সম্পূৰ্ণ সুস্থ। যাৰ বাবে তেওঁ পৰীক্ষা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। ক’ৰোনাৰ এই সময়ছোৱাত ৰেখা ঘৰৰ পৰা বাহিৰলৈ ওলোৱা নাই। কিন্তু BMCৰ মতে ৰেখাৰ পৰীক্ষা কৰোৱাটো বাধ্যতামূলক। তাতেই মতানৈক্য ৰেখা আৰু BMC কৰ্মীৰ। অৱশ্যে শেহতীয়াকৈ ৰেখাই পৰীক্ষা কৰিবলৈ মান্তি হৈছে। আৰু ছেনিটাইজেচনৰ বাবে BMCৰ কৰ্মীক ঘৰত ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ