• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খবৰ আৰু বিজ্ঞাপন

খবৰ আৰু বিজ্ঞাপন

6 years ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

28 minutes ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

52 minutes ago
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

1 hour ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

2 hours ago
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰৰ কাৰণ কি জানক

অত্যাধিক চুলি সৰাৰ সমস্যাক নকৰিব আওকাণ, হ’ব পাৰে দুৰাৰোগ্য ৰোগ!

3 hours ago
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

3 hours ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

17 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

18 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

19 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

19 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

খবৰ আৰু বিজ্ঞাপন

বাতৰি কাকত আৰু বিজ্ঞাপনৰ সম্পৰ্ক

editor by editor
August 25, 2020
in অসম, লেখা
0
খবৰ আৰু বিজ্ঞাপন
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰুতে বাতৰি কাকতত লিখা সকলো কথাই সঁচা বুলি ভাবিছিলোঁ৷ এতিয়া ভাবোঁ বাতৰি কাকতেও কেতিয়াবা কেতিয়াবা সঁচা কথা লিখে৷ আগতে বাতৰি কাকতৰ বিজ্ঞাপন ওলোৱা পৃষ্ঠাবোৰ এৰাই চলিছিলোঁ৷ এতিয়া কাকত পঢ়োঁতে বাতৰি আৰু সম্পাদকীয় পৃষ্ঠাৰ প্ৰবন্ধবোৰতকৈ বেছিকৈ চকু যায় এই বিজ্ঞাপনবোৰলৈ৷ কোনো কোনো বাতৰি কাকতত বিজ্ঞাপন ওলালে ভাবোঁ, ‘ৰক্ষা তেও, কাকতখনৰ বাবে এইটো বৰ ডাঙৰ এটা সকাহ হ’ব৷ আকৌ কোনো কোনো বাতৰি কাকতত বিজ্ঞাপনৰ পয়োভৰ হ’লে ভাবোঁ, ‘বাহ এই মহাৰ্ঘ্যৰ দিনতো সম্পাদক বপুৰাৰ চৰকাৰৰ লগত সম্পৰ্ক বেছ ভালেই দেখিছোঁ!’ ইয়াত মোৰ দৃষ্টিভংগীত অৱস্থানৰ কথা এটাও আছে। বাতৰি কাকতৰ লগত চৰকাৰী/বেচৰকাৰী বিজ্ঞাপনৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ৷ আচলতে এখন বাতৰি কাকতে যিমানেই বেচৰকাৰী বিজ্ঞাপন পায় সিমানেই বাতৰি কাকতখন স্বাধীনচেতীয়া হ’ব পাৰে৷ তেতিয়া বাতৰি কাকতখনে চলাই থাকিবলৈ মালিকে চৰকাৰৰ মুখলৈ চাই থাকিব নালাগে৷ অন্যথা বাতৰি কাকত চলোৱা খৰচৰ বাবে কাকতৰ মালিকে চৰকাৰৰ ওচৰত বিজ্ঞাপনৰ বাবে হাত পাতিব লগা হয়, বা আন আৰ্থিক সা সুবিধা বিচাৰিব লগা হয়৷ বাতৰি কাকতৰ লগত চৰকাৰী বিজ্ঞাপনৰ কি সম্পৰ্ক সেইটো জানিবলৈ অইন একো নালাগে The Assam Tribuneৰ ইতিহাস পঢ়িলেই যথেষ্ট৷ এই বিষয়ে ‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱাই তেখেতৰ আত্মজীৱনী ‘স্বগতোক্তি’ৰ ১০২ পৃষ্ঠাত সুন্দৰকৈ লিখিছে৷ সেয়া আছিল গোপীনাথ বৰদলৈৰ দিনৰে কথা৷ এতিয়াতো কথা একেবাৰে বিষম৷ এতিয়া প্ৰযুক্তিগত কাৰণতে বাতৰি কাকত বিপদৰ সন্মুখীন হৈছে৷ তাতে চৰকাৰবিৰোধী নহয়, সঁচা কথা ক’লেই চৰকাৰৰ জগৰলগা সময় এতিয়া৷ সকলোৰে মুখে মুখে ‘গোদী মেদিয়া’ ‘মোদী মেদিয়া’৷ গতিকে এতিয়া কোনে কিমান বিজ্ঞাপন পাইছে বা জোগাৰ কৰিব পাৰিছে সেইটো বৰ ডাঙৰ কথা৷ The Hinduৰ দৰে বাতৰি কাকতে ৰাফেলৰ বিষয়ে চৰকাৰ বিৰোধী অৱস্থান লোৱা বাবে চৰকাৰী বিজ্ঞাপনৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ চৰকাৰী বিজ্ঞাপন নোপোৱা কাৰণে তেওঁলোকে কিমান ব্যয় সংকোচন কৰিব লগা হৈছে! সেয়ে ভালকৈ লক্ষ্য কৰিলে বাতৰি পৰিবেশনৰ ধৰণ আৰু চৰকাৰী বিজ্ঞাপন পোৱা-নোপোৱাৰ মাজত মিল/অমিল দেখা যায়৷ আৰু এটা কথা আছে৷ সম্পাদকৰ লগত ক্ষমতাৰ সম্পৰ্কতো আছেই, তাৰ উপৰিও প্ৰতিখন বাতৰি কাকততে চৰকাৰী পক্ষৰ এজেন্ট থকা যেন লাগে৷ এই এজেন্টবোৰৰ কাম কি? এই এজেন্টবোৰৰ হ’ল খবৰৰ খনিকৰ৷ এওঁলোকে নিশা ঠিক কৰে কোনটো পৃষ্ঠাত কোনটো খবৰ ছপা হ’ব৷ কোনটো খবৰ কিমান চকুতপৰাকৈ ছপা কৰা হ’ব৷ খবৰৰ শিৰোনামৰ আখৰ কিমান শকত হ’ব, কিমান পাতল হব৷ খবৰ কেনেকৈ তল-ওপৰ কৰা হ’ব৷ কাক গুৰু কৰা হ’ব কাক লঘু কৰা হ’ব৷ এই প্ৰক্ৰিয়াৰ মাজেদি আহোঁতে কোনোটো খবৰত অকমান সত্য লাগি আহে, কোনটোত বা সত্যৰ চিনমোকামেই নাথকে৷ তাৰ বিনিময়ত এই এজেন্টবোৰে চৰকাৰৰ ঘৰৰ পৰা কিমান কি উপঢৌকন পায়৷ সেই উপঢৌকনৰ লগত তুলনা কৰিলে তেওঁলোকৰ দৰমহাকেইটা একোৱেই নহয়৷ এতিয়া কোনোবাই মোক সুধিব পাৰে আপুনি এই কথাবোৰ কেনেকৈ জানিলে? নাই, মোৰ কোনো চোৰাংচোৱা নাই৷ মই পুৰণি দিনৰ চিকিৎসকৰ দৰে হাত চুই, জিভা চাই, চকু চাই দৰব দিয়া চিকিৎসক৷ মই বাতৰি কাকতৰ খবৰৰ ৰেহৰূপৰ পৰাই এইবোৰ কথা অনুমান কৰোঁ৷ মোৰ কথা যদি মিছা কোনো কথা নাই৷ আপুনি অৱজ্ঞা কৰক৷ কিন্ত যদি সঁচা হয় তেন্তে কি হ’ব!

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Paresh Malakar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

July 26, 2026
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!
জীৱনশৈলী

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

July 26, 2026
শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

শিৱৰ প্ৰিয় ৰাশি কোনবোৰ? জানি লওক শাওনত কাৰ কাৰ উদয় হ’ব ভাগ্য

July 26, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
Next Post
নিজকে ‘মই হ’ম BTC চীফ্, হাগ্ৰামা এটা Joker’ কিয় ক’লে সাংসদ নৱ শৰণীয়াই?

নিজকে ‘মই হ’ম BTC চীফ্, হাগ্ৰামা এটা Joker’ কিয় ক’লে সাংসদ নৱ শৰণীয়াই?

প্ৰকৃততে সুশান্ত মানসিক অৱসাদগ্ৰস্ত আছিলনে?

প্ৰকৃততে সুশান্ত মানসিক অৱসাদগ্ৰস্ত আছিলনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.