অসম লাইভ ২৪ঃ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাধৱ সিং চোলাংকিৰ দেহাৱসান। শনিবাৰে পুৱা ৯৪ বছৰ বয়সত মৃত্যু হয় গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ১৯২৭ চনৰ ৩০ জুলাইত জন্মগ্ৰহণ কৰা চোলাংকি পেচাত আছিল এজন অধিবক্তা। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা চোলাংকি গুজৰাটৰ ৪বাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ লগতে ভাৰতৰ বিদেশ মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















