অসম লাইভ২৪ঃ
‘চেণ্ডেল পিন্ধি খেলিব নোৱাৰে বাবেই ক্ৰিকেট খেলিবলৈ নাহিল অখিল গগৈ।’
‘অখিলে খেলৰ প্ৰাৰম্ভিক সময়তে সুধিছিল চেণ্ডেল পিন্ধি খেলিব পাৰিনে?’
অখিল গগৈয়ে সোধা বিশেষ প্ৰশ্নক মূৰ্খ টাইপ প্ৰশ্ন বুলি মন্তব্য ৰূপজ্যোতি কূৰ্মীৰ।
অখিল গগৈয়ে বৰ্ষাপাৰাত অনুষ্ঠিত বিধায়ক ক্ৰিকেটত অংশগ্ৰহণ নকৰাক লৈ এই মন্তব্য কূৰ্মীৰ।
‘অখিলে প্ৰত্যেক ক্ষেত্ৰতে নাটক অভিনয় কৰি ভালপায় সেয়ে এইবাৰো অভিনয় কৰিব মন গ’ল বাবেই নাহিলে।’
ক্ৰিকেট জোতা-মোজা পিন্ধিয়েই খেলে বুলি সকলোৱে জানে বুলিও মন্তব্য কূৰ্মীৰ।
ইপিনে নিজকে বৰ্ষাপাৰাত ক্ৰিকেট খেলিবলৈ পোৱাটো কূৰ্মীৰ বাবে সৌভাগ্যৰ কথা বুলিও মন্তব্য।
ভাৰতত জন্ম লাভ কৰা প্ৰতিটো সন্তানেই ক্ৰিকেট ভালপায় বুলিও প্ৰকাশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ